পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
চতুৰ্থ স্কন্ধ।

ব্যাসদেব কহে নৃপ সংসাৰী কেশব।
স্তুতি কৰিলন্তে দেবী ভৈল আবিৰ্ভাব॥
সাক্ষাতে দৰ্শন দিয়া বুলিল তখন।
নকৰিবা শোক কৃষ্ণ পুত্ৰৰ কাৰণ॥
পূৰ্ব্ব শাপ ফল আবে ফলিত হইল।
এতেকে সম্বৰে কাল যোগে হৰিনিল
ষোড়শ বৰিষ ভৈলে সমৰ বধিৰা।
মোৰ অনুগ্ৰহে তেবে পুত্ৰ পুনু পাইবা॥
এতকহি চণ্ডিকা ভৈলন্ত অন্তৰ্দ্ধান।
দেবী বাৰে ভগবান সুস্থ ভৈলমন॥
চতুৰ্ধ্বিংশ অধ্যাপদ প্ৰদ্যুম্ন হৰণ।
ভণিল গোপালে ৰাম বোলা সৰ্ব্বজন।

জন্মেজয়ৰ প্ৰশ্ন
পদ

জন্মেজয় কহে গুৰু তোমাৰ বচনে।
জন্মিল সংশয় বৰ আচৰিত জ্ঞানে॥
নাৰায়ণ অংশে বাসু দেব মহামতি।
সেহি বিষ্ণু তাৰ দুঃখ দেখে ভগবতী॥