সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
চতুৰ্থ স্কন্ধ।


কৈলাসে যাইবে শত্ৰু মানো মহেশত।
শত্ৰুহীন স্থান দদা নেদেখোহো কৈত।
গৰুড়ে কহিহে আজি সমুদ্ৰৰ তীৰে।
দ্বাৰবতী নামে পূৰী আছে মনোহৰে॥
ৰৈবতক পৰ্ব্বত সমীপে স্থান খান।
পৰম সুন্দৰ পূৰী হুইবে নিৰ্ম্মাণ॥
ব্যাস দেব কহে ৰাজা এতেকে শুনিয়া
সকল যাদব মন যাইবাক লাগিয়া।
সবাহনে সকুটুম্বে সমস্ত যাদব।
গাড়ী উট মহিষ ছাগল গৰু সব॥
বাচন বৰ্ত্তন ভাণ্ড দ্ৰব্যজাত সহ।
সব লই বাহিৰ হইল অহৰহ॥
মথুৰা তিয়াগি সবে গমন কৰিল।
ৰাম কৃষ্ণ দুই ভাই আগত বজাইল॥
সপৰিবাৰকে সৰ্ব্ব প্ৰজা যদুগণ।
কতোদিনে পাইলা গই দ্বাৰক৷ভূবন॥
জীৰ্ণ ভঙ্গা ছিঙ্গা সব দোৰষ্ট কৰায়।
বাঢ়ৈ আনি সংস্কাৰ কৰিল যদুৰায়॥
সমস্ত যাদব তাতে থাপিল কেশব।
যোগ্যা যোগ্য মতে গৃহবাড়ী পাইল সব॥