এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
শ্ৰীদেবীভাগবত।
গকুলে নন্দৰ ঘৰে পুতন৷ চলোক।
নন্দৰ উপজা পুত্ৰ মাৰি পেলায়োক॥
জাত মাত্ৰে মাৰ শিশু মোৰ আজ্ঞা ধৰ৷
ধেনুবক লম্বকেশী তৈত বাসকৰ॥
এহিআজ্ঞা কহি কংস অন্তঃপূৰে গৈল।
সেহি দিন ধৰি দুট ভয়ে শুকাইল॥
অথকৃষ্ণ লীলা
প্ৰভাততে চৰমুখে কংস বাৰ্তা পাইল॥
আজি নন্দ ঘৰে পুত্ৰ জন্মোৎসবা ভৈল॥
বসুদেব আন পত্নী তথাতে আছয়।
দাসদাসী গোমহিষ সবে তৈতে ৰয়॥
এতেকে কংসৰ ভয় বাঢ়িল বিস্তৰ।
গকুলক প্ৰতিমনে আশঙ্ক৷ ডাঙ্গৰ॥
নাৰদে কহিল আৰু পূৰ্ব্বৰ কাহিনী।
দেবঅংশে জাতনিটে৷ নন্দৰ ৰমণী॥
দেবকী যশোদা বসুদেব নন্দ মুখ্যে।
তেৰিসব শত্ৰু কংস জানিবি প্ৰত্যক্ষে।
এত শুনি কংশে তৈত ৰাক্ষস পাঞ্চিল।
বক বৎত্সা সুৰ ধেনু পুতনায়ো গৈল॥