পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
চতুৰ্থ স্কন্ধ।

হৰিৰ জন্ম॥

এহিৰূপে কংসৰাজ সদা ভাবিচিন্তি।
ভয়তে বিহবল ক্ষীণ শুখাইলন্ত আতি॥
ঘৰে গই সুখশান্তি নাহিনিদ্ৰা ভোগ।
আয়ুহীন আকৰ্ষিল কাল মৃত্যু ৰোগ।
ইপিনে নিশাৰকালে দৈবকী বুলিল।
বসুদেউক্ ধীৰে ধীৰে কহিবে লাগিল॥
প্ৰশব বেদনা দেব ভৈল উপস্থিত।
কিকৰিবো প্ৰভু ভাবি বিয়াকুল চিত॥
বহুত্তৰ চন্তৰী পহৰী ৰক্ষাকৰে।
কিউপায় হবে আজি ইহাৰ ভিতৰে॥
যশোদা মোহোৰ হুইৰো সময় পুৰিছে।
এহিকালে জানো যশোমতী প্ৰশবিছে॥
তাৰকন্যা ভৈলে মোৰ হেথাত দিয়োক।
ইঠাৱতে মইতুলি লৈবোহো তাহাঙ্ক॥
মোৰপুত্ৰ দিবোতাঙ্ক তযু ভয়মন।
কংসৰ প্ৰত্যয় লাগি কৰিবো ইহেন॥
বিষম জঞ্জাল প্ৰভু কিকৰিবো হৰি।
উপজিলে বিষ্ণুক মৰাইবো কেনে কৰি॥