পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
চতুৰ্থ স্কন্ধ।

বৃহস্পতি অংশে দ্ৰোণ দ্ৰোণী শিবঅংশে
শান্তানু সমুদ্ৰ অংশে ভাৰ্য্যা গঙ্গা অংশে॥
চিত্ৰৰথ অংশে ভৈল দেবক জনম।
বসুঅংশে ভীষ্ম বিৰাট মৰুদ্‌গণ॥
অষ্টিৰ সুত হংসৰাজা ধৃতৰাষ্ট্ৰ।
ৰূপ কৃতবৰ্ম্মা মৰুদ্গণ হন্তে জাত॥
দুৰ্য্যোধন কলি অংশে সকুনি দ্বাপৰ।
সোমহন্তে সোম পুত্ৰ সুবৰ্চ্ছস বীৰ॥
বৈশ্যানৰে ধৃষ্টদ্যুম্ন সিখণ্ডী ৰাক্ষস।
সনত কুমাৰ অংশে প্ৰত্যুম্ন বীৰ্য্যস॥
দ্ৰৌপদীৰ পঞ্চ পুত্ৰ বিশ্ব দেব জাত।
কুন্তী সিদ্ধি ঘৃতী মাদ্ৰী গান্ধাৰী মতীত॥
কৃষ্ণৰ ৰমণী সৰ্ব্বে দেব অপেশ্বৰী।
ৰাজা সব ভৈল দেব ইন্দ্ৰ আজ্ঞাধৰি॥
হিৰণ্যকসিপু অংশে ৰাজা শিশুপাল।
বিপ্ৰচিত্ত জৰাসন্ধ প্ৰহ্লাদ যে সৈল্য॥
কালনেমি ভৈল কংশ কেশা হয় শিৰ।
অৰিষ্ট ককুদি বলিবাজ পুত্ৰ বীৰ॥
অনুহ্ৰাদ ধৃষ্টকেতু বাস্কল ভগদত্ত।
লম্ব প্ৰলম্ব খৰ ধেনুক ভৈলন্ত॥