পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
চতুৰ্থ স্কন্ধ।

মোৰ আজ্ঞা শিৰে ধৰি লোভ ত্যাগ কৰ।
পৃথিবী তিয়াগি চল পাতাল নগৰ॥
দেবী বাক্য শুনি ততক্ষণে দৈত্য চয়।
দেবীক প্ৰণামি সবে পাতালে পশয়॥
দেবতাক ৰাখি পাচে জগত জননী।
পাতালে খেদিল সবে দৈত্য চুড়ামণি॥
অন্তৰ্ধান ভৈল তৈতে ব্ৰহ্মাণ্ড ঈশ্বৰী।
যুদ্ধ শান্তি ভৈল নৃপ সেহিদিন ধৰি॥
দেব দানবৰ যুদ্ধ ভৈল উপসন।
বিতলত ৰাজাভৈল প্ৰহলাদ সুজন॥
যিটোজনে শুনে যিটো কৰয় কীৰ্ত্তন৷
মিলয়পৰম পদ দুঃখ বিমোচন॥
পঞ্চদশ অধ্যপদ যুদ্ধ শান্তি নাম।
ভণিল গোপালে ডাকি বোলা ৰাম ৰাম,,॥

অথ হৰি জন্ম ৰহস্য॥

পদ

জন্মেজয় বদতি শুনিয়ো মুানিবৰ
ভৃগুশাপে হৰিজন্মে ভৈল কিপ্ৰকাৰ॥