পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
শ্ৰীশ্ৰীদেবী ভাগৱত।

বিলাসিনী বেশ্যা যিটো, বিলাসে পূজিল সিটো,
 আবে ভৈল ৰাজাৰ মহিষী।
ইহকালে সিটো জন, সৰ্ব্বল্ৰাতে মান্যমান,
 অন্যে তাঙ্ক পূজে দিবা নিশি॥

অথ দেবীৰ আবিৰ্ভূত॥

পদ৷

ব্যাস নিগদতি ইন্দ্ৰে যেবে স্তুতি কৈল৷
চতুৰ্ভুজা দেবী তৈত আবিৰ্ভূত ভৈল॥
সিংহ পৃষ্ঠে আৰোহণ আনন্দে বিহৰি।
শঙ্খ চক্ৰ গদা পদ্ম হাতে অস্ত্ৰ ধৰি॥
পুণ্ডৰীক আখ্য ৰক্তবস্ত্ৰ পৰিধান।
কণ্ঠে বনমালা অঙ্গে বিবিধি ভূষণ॥
দেবতাক মাতি পাছে বুলিলা তখন।
উপায় কৰিব ভয় এৰা, দেবগণ॥
দেবক সম্বুধি পাচে সিংহ পৃষ্ঠে চড়ি।
দৈত্যৰ সমীপে শীঘ্ৰ গৈল মহেশ্বৰী॥
প্ৰহ্লাদ প্ৰমুখ্যে যত দানব আছিল।
দেশক আগতে দেখি ধাতু উড়ি গৈল॥