পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ স্কন্ধ॥

পুন্য ভাগবত পদ চতুৰ্থ স্কন্ধৰ।
এয়োদশ অধ্যা শুক্ৰাচাৰ্য্যৰ বিচাৰ॥
দেখা ইটো মহন্তৰ কাৰ্য্য বিষদৃশ।
পৰে বঞ্চি নিজে পোৱা দেবতাৰো আশ॥
কিকৰে মনুষ্য জাতি সহজে নিৰ্ব্বোধ।
মায়া এৰিবাক দেহাধাৰী নোহে সাধ্য॥
যেহি হৌক ভাগ্যবশে নেৰিবাহা নাম।
গোপালে ৰচিলে ডাকিবোলা ৰামৰাম॥

শুক্ৰ বৃহস্পতিৰ বিবাদ॥*॥

পদ।

ব্যাস নিগদতি শুক্ৰ এতেক ভাবিয়া॥
বৃহস্পতি মুখচাই বুলিল হাসিয়া॥
মোৰৰূপ ধৰিগুৰু দৈত্যক চলিছা।
মই শুক্ৰাচাৰ্য্য গুৰু তুমি কিকৰিছা॥
এতকহি শিষ্যেডাকি ভাৰ্গবে বুলিল।
মোহোৰ আকৃতি ইটো গোট খল জাল॥
তাৰকথা নুশুণিবা কোণো শিষ্যজণ।
ইটো বৃহস্পতি নযাইবা তাৰ স্থান॥
হেনবাক্য শুনি দৈত্য দেখিল দুনাই।
দুইজণ একৰূপ কিছুভেদ নাই॥