সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
চতুৰ্থ স্কন্ধ।

আজি দশ বৰ্ষ পূৰ্ণ ভৈলন্ত মোহোৰ।
এতে কতে যজমানে দেখো গই মোৰ।
আজ্ঞা কৰা শিষ্য বৰ্গ দেখিবে যাইবো।
পুনৰপি শীঘ্ৰ দেবি পালতি আসিবো॥


জয়ন্তীৰ উত্তৰ ॥*॥


জয়ন্তী কহন্ত দেব তুমি ধৰ্ম্মবান।
যাহ তৈত ধৰ্ম্ম ৰাখি কৰা আগমন॥
এত বাক্য শুনি গুৰু শীঘ্ৰ তৈত গৈল।
বৃহস্পতি সমীপত দানব দেখিল॥
অনুমানে বৃহস্পতি ছদ্ম বেশধৰী।
দৈত্য ছলিবাক আইল মোৰ ৰূপ কৰি॥
যৈত ধৰ্ম্মাগৰে গুৰু যজ্ঞ নিন্দা ৰূপ।
প্ৰবোধিছে শিষ্য সবে বেদ বাক্য নৃপ॥
শুনা দেব বৈৰী গণ হিত বাক্য মোৰ।
অহিংসা পৰম ধৰ্ম্ম সৰ্ব্বত্ৰে প্ৰচাৰ॥
শত্ৰুয়ো নোহন্ত বধ যোগ্য হিংসা ধৰ্ম্ম।
কিন্তু ভোগাথিৰ হেতু আছে বেদমৰ্ম্ম॥