পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
চতুৰ্থ স্কন্ধ

যাৰ গুণে বদ্ধ জীৱ সংসাৰে ভ্ৰমন্ত।
মদ খাই যেহেন বাতুল চেঞ্চাৱন্ত॥
তাঙ্ক আৰাধনা কৰি গুণ পৰি হৰ।
মুক্তি লাগি অন্য পন্থ নাহি ইটো ছাৰ॥
যি পৰ্য্যন্ত মহামায়া কৃপা নকৰিব।
আৰু অন্য কোন জনে মুক্তি দান দিব॥
কৰুণা সাগৰ দয়াময়ী জগদ্ধাত্ৰী।
তাঙ্ক ভজি জীব মুক্ত হোৱে নৰপতি॥
দুৰ্ল্লভ মনুষ্য দেহ পাই যিটো জনে।
জগত ঈশ্বৰী মায়া নকৰে ভজনে॥
শূন্য হন্তে সিটো জন পতিত হইল।
শূন্যতে পৰিল কিছু তৰণী নপাইল॥
তিনি গুণে অহঙ্কাৰ আবৃত জগত।
সিটো নতাৰিলে অন্য উপায কিআত॥
এতেকে সকলো এৰি তাহাঙ্ক ভজিযো
ভূবন ঈশ্বৰী মাযা আশ্ৰয় কৰিযো॥

জন্মেজয়ৰ প্ৰশ্ন॥ *॥

পদ।

নৃপতি পছন্ত পাছে বৃহস্পতি গুৰু।
শুক্ৰ বেশ ধৰি কি কৰিল কল্পতৰু॥

*১০*