পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অষ্টম আধ্য । অনাদি পাতন ।— এই পুথি প্ৰীমদ্ভাগৱতৰ তৃতীয় স্কন্ধৰপৰা শঙ্কৰদেৱ সঙ্কলন কৰিছে । প্ৰব শিৱনাথ ভট্টাচাৰ্য্যৰ দ্বাৰাই প্রকাশিত ‘ অনাদি পাওন”ত লেন্স আছে যে চতুর্থ স্বান্ধৰপৰা। শঙ্কৰদে?ে এই ছোৱ কৰিছে । ছপা হোৱা পৃথিখনৰ গুৰিতে শঙ্কৰদেৱে পাতো আছে। —'শুনা সাৱধান মনে যত সভাসদ । চতুর্থ স্কন্ধব মহাভাগৱতপদ । যেন মতে ভৈল ইটো অনাদি পাওa { শুনিয়োক আছে যাৰ মুকুতিত মন শুকত পুছন্ত পনীক্ষিত নৃপবৰ। শুনিলে। তৃতীয় বৃদ্ধ তোমাৰ মুখৰ ॥" স্বামন মনেৰে ওপৰৰ পদত ‘চতুৰ্থ স্বান্ধৰ’ ঠাইত তৃতীয় স্কন্ধ আক ‘তৃতী স্কন্ধ"ৰ ঠতাত দ্বিতীয় স্কন্ধ হব । হাতে লেখা পুথি নকল কৰোতে লেখকে এই ভুল কৰিছিল, মাক সেই দৰেষ্ট ছপা হৈছে বোধ হয় । মূল ভাগৱতত তৃতীয় স্কন্ধত তে বিৰাট মূর্ণিসৃষ্টি ‘মন্বন্তনাদি কাল পৰিমাণ ব্ৰহ্ম সৃষ্টি বর্ণন' “সৃষ্টি প্ৰেকৰণ' ইত্যাদি বিষয় আছে। সি যিহওক, শঙ্কৰদেৱে ভাগৱতৰ কথাৰে সৈতে বামন-পুৰাণৰ কথা মিহলাই অনাদি পাতন ৰচনা কৰিছে। বুলি কৈছে—মহা ভাগৱত গল অমৃত সাক্ষাত । বামন-পুৰাণ কিছু মিশ্ৰ দিলো তাত । শঙ্কৰদেৱে ভাগৱতৰ সৃষ্টি প্রকাণাদি কথ। বোৰৰপৰা বাছি বাছি সাৰ সংগ্ৰহ কৰি সংক্ষেপে এই পুথিখন এনেকৈ ৰচনা কৰিছে, ধে ইয়াক অনুবাদ নুবুলি মুকীয়া ।