পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
লৱ-কুশৰ যুদ্ধ

ঋষিক আশ্বাসি ৰাম বুলিলা সম্বুধি।
তোমাৰ প্ৰসাদে পাইলো এহি নৱনিধি॥৩৯০
বাল্মীকিয়ো ৰামক আশ্বাস বুলি বাণী।
যায়ো অযোধ্যাক এবে কৰিলো মেলানি।।

শ্ৰীৰামচন্দ্ৰৰ সসৈন্যে অযোধ্যালৈ প্ৰত্যাবৰ্ত্তন

এহি বুলি ঋষিৰাজ আশ্ৰমে চলিলা।
সবন্ধু বান্ধৱে ৰাম অযোধ্যাক গৈলা॥৩৯১
জৈমিনি বদতি যে শুনা নৃপবৰ।
ৰামদেৱ পিতা-পুত্ৰে যিমত সমৰ।।
যেনমতে যুদ্ধে মৃত্যু জীলা যেনমতে।
সাৱশেষ কথা মই কহিলো তোমাতে॥৩৯২
শুনা সভাসদ ইটো ৰামায়ণ কথা।
লভিবা মুকুতি সুখ এৰি আন কথা।।
যিবা পঢ়ে যিবা শুনে শুনাৱে আনক।
পাপ হৰি সিয়ো যায় বিষ্ণুৰ থানক॥৩৯৩
ৰামেসে ভুকুতিদাতা ৰামে গতিদাতা।
মেসে বিধাতা আৰো ৰামে পিতা মাতা॥
হেন জানি ৰামৰ চৰণে কৰা সাৰ।
তেবেসে তৰিবা ঘোৰ সংসাৰ সাগৰ॥৩৯৪
ৰাম হেন স্বামী পাইলা কত তপসাই।
ৰাম ৰাম বুলি যোৱা সংসাৰ এৰাই।।