সমললৈ যাওক

পৃষ্ঠা:লীলামালা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লীলামালা।

গৰ্ব্ভতে দেখিলা দেবী ভুবন চৈধ্যয়।
কৰিলন্ত স্তুতি আতি পৰম বিস্ময়॥৮॥
স্তন পিবে নপাই কোপে কৃষ্ণ বৰ চণ্ড।
শিলা হানি দধিৰ ভাঙ্গিলা সবে ভাণ্ড॥
সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী।
লাসে লাসে উড়ুখল টানি নেন্ত হৰি॥ ৯ ॥
বৃক্ষত লাগিয়া ভৈল উড়ল পথালি।
অৰ্জ্জুনক উভঞ্জি পেলাইলা বনমালী॥
বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন।
নিজ স্থানে গৈল কৰি কৃষ্ণক বন্দন॥ ১০ ॥
কোনে ফল লৈবেক পস্যৰি দিলে ডাক।
ধান্য লৈয়া যান্ত কৃষ্ণ ফল কিনিবাক॥
কৃষ্ণৰ হস্তত ভৰি দিলা ফল বাছি।
সুবৰ্ণে ৰতনে তাইৰ উপছিল পাচি॥ ১১ ॥
অনন্তৰে ৰাম কৃষ্ণ গৈল বৃন্দাবন।
শিশু সব সহিতে চাৰিলা বৎসগণ॥
বহুবিধ শিশু লীলা আচৰি প্ৰচুৰ।
লীলায়ে বধিলা তৈতে বৎস বকাসুৰ॥ ১২ ॥
ঘোৰ সৰ্প ৰূপে অঘ আছে বেন্ত বাই।
বৎস বৎসপালক গিলিলে লাগ পাই॥
তাৰ গল ভেণ্টিয়া বঢ়াইল দেহা হৰি।
কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মৰি॥ ১৩ ॥