পৃষ্ঠা:লীলামালা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
লীলামালা।

নিশাত কৰন্ত কৃষ্ণে শয্যাত শয়ন।
কণ্ঠত আলিঙ্গি শুতি থাকে পত্নীগণ॥
ৰজনীৰ শেষ জানি ৰাৱে পক্ষীচয়।
নাৰীগণো হোৱে কৃষ্ণ বিৰহত ভয়॥ ১০॥
কুকুড়া আৰাৱ কৰে তাকো পাৰে গালি।
উঠি নিত্যকৃত্য পাছে কৰি বনমালী॥
চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ।
ঘৰে ঘৰে প্ৰতিদিনে কৰন্ত গোদান॥ ১১॥
দাৰুকে যোগান্ত ৰথ চড়ি গৈয়া তাতে।
সাত্যকী উদ্ধৱ সমে বসন্ত সভাতে॥
চতুৰ্ভিতি বেঢ়ি পাত্ৰ মন্ত্ৰি সভাসদ।
দেব-কাৰ্য্য সাধিৱাক আসিল নাৰদ॥ ১২॥
জৰাসন্ধে বান্ধি আছে নৃপতি বহুত।
কৃষ্ণত শৰণ মাগি পঠাই দিলা দূত॥
সেহি বেলা যুধিষ্ঠিৰে পঠাইলন্ত মাতি।
মন্ত্ৰীগণ সমে কৃষ্ণে আলোচিলা ৰাতি॥ ১৩॥
উদ্ধৰ সহিতে পাছে কৈলা ইন্দ্ৰপ্ৰস্থ।
পূৰিলন্ত পঞ্চ-পাণ্ডবৰ মনোৰথ॥
কৃষ্ণৰ কিঙ্কৰে কহে দুঃখ তেবে তৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ১৪॥

———