পৃষ্ঠা:লাচিত বৰফুকন.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৪
লাচিত বৰফুকন।

নৌবাহিনী ৰণবলৰ ওপৰত তত্ত্বাৱধান কৰাঁগৈ; আৰু গন্ধৰ্ব্বই এদল অশ্বাৰোহী সেনা লগত লৈ ঘুৰি-পাকি চাই আহাঁগৈ, মোৰ দিহামতে আমাৰ কৰ্ম্মচাৰী- বিলাক সষ্টম হৈ আছে নে নাই। প্ৰত্যেককে মোৰ নামে দোহাৰি কৈ আহিবাঁ, যেন দিহা নাপাহৰে। বলাহঁক, আমিও দিহাদিহি কৰ্ত্তব্যত ধৰোঁগৈ। জয় স্বৰ্গদেৱৰ জয়!

 সকলোৱে সমস্বৰে।—জয়, লাচিত বৰফুকনৰ জয়!

(সকলোৰে দিহাদিহি প্ৰস্থান)

 

সপ্তম গৰ্ভাঙ্ক।

শৰাইঘাটৰ নামনি,—মোগলৰ শিবিৰ।

(ৰামসিংহ, চৰিপ্ খাঁ, ৰঘুনাথ সিংহ, নচৰৎখাঁ, অজিত)

 চৰিপ্।— অসমীয়াৰ আয়োজন কি প্ৰকাৰ হৈছে, তাফ আগধৰি জানিব পাৰিলে ভাল আছিল।

 ৰামসিংহ।—সেইটো জনা গৈছে। আমাৰ তুৰকচাৱাৰী চোৰাংচোৱা দলৰ বৰ্ণনা মতে অসমীয়াৰ আয়োজন এইবাৰ বিশেষ। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়ো পাৰে আৰু পানীৰ মাজেদিও আমাৰ গতিৰোধ কৰিব পৰাকৈ ঠায়ে ঠায়ে বহুতো কৰ্মচাৰী সসৈন্যে নিয়োজন কৰা হৈছে। আৰু, আমাৰ যাত্ৰা ওফৰাব পৰাকৈ মাজে মাজে বৰতোপ পাতিছে। পানীফুকন পালি সেনাপতিয়ে গুৱাহাটীৰপৰা কিছু ভাটীত আহি আগ বাঢ়ি থাকিবলৈকে স্থিৰ হৈছে। লাচিত ফুকনৰ বিচক্ষণ দিহাকৰণ।

 চৰিপ্।—আমিও তেন্তে শত্ৰুপক্ষৰ সেইবিলাক আয়োজন আৰু দিহা ব্য়ৰ্থ

কৰিবলৈ চাব লাগে।