আমাৰ ইমান মানুহ নপৰিল। আজি সামান্য কথা এটাতে অতবোৰ সৈন্য ক্ষয় পালে। এই বিষয় মই স্বৰ্গদেৱলৈ জনাওঁ হে বুলিছোঁ।
বুঢ়াগোহাঞি।-এঃ, বাৰীৰ ভিতৰত পুখুৰী এটা সিঁচিলেও আঁঠ-দহোটা মানুহক শিঙ্গীয়ে ফুটে। এখন ৰণত আঁঠ-দহ হাজাৰ মানুহ পৰিল, তাকে আকৌ স্বৰ্গদেৱক জনাব লাগে কিয়?
লাচিত।-হওঁতে হয়; পিচে অবাবত আমাৰ অতখিনি সৈন্য হানি হল, তাত হে দুখ লাগিছে। কিন্তু, তুৰন্তে মই নিজে গন্ধৰ্ব্ব আৰু পানীফুকনক লগত লৈ অশ্বাৰোহী আৰু পদাতিক সৈন্যৰে সৈতে মোগলৰ কোঁঠ অৱৰোধ কৰিলোগৈ; এনেতে বৰগোহাঞি ডাঙৰীয়ায়ো নগৰৰপৰা সসৈন্যে আহি যোগ দিলেহি। ফলত, মোগল সেনাপতিয়ে তাত ঠাৱৰিব নোৱাৰি কোঁঠ এৰি দি আকৌ শৰাইঘাট পালেহি।
বুঢ়াগোহাঞি।-বৰ ভাল হল। আমাৰেইচোন জয়।
(গন্ধৰ্ব্ব আৰু পানীফুকনৰ প্ৰবেশ)
লাচিত।-অ, আহিছাহঁক? মই দিহা দি অহা মতে দলিবাৰী কোঁঠ বৰগোহাঞি ডাঙৰীয়াই ভালকৈ চম্জি লৈছে নে?
পানী।-সেই কোঁঠ এতিয়া আমাৰ সম্পূৰ্ণ দখলত; তাত সম্প্ৰতি শত্ৰুৰ সঞ্চাৰ নাই।
গন্ধৰ্ব্ব।-ডাঙৰীয়া! ৰামসিংহ সেনাপতিৰ কটকী পণ্ডিতৰায় ৰৈ আছেহি।
লাচিত।-হয় নে? বাৰু, আহিবলৈ কোৱাঁগৈ।
গন্ধৰ্ব্ব।-ভাল, আনোগৈ।
প্ৰস্থান )
পানী।-কিবা আলোচন উপলক্ষে আহিব পায়; মানুহজনক চিন্তামুক্ত যেন দেখি আহিলোঁ।
(পণ্ডিতৰায় আৰু অজিতৰে সৈতে পুনঃ গন্ধৰ্ব্বৰ প্ৰৱেশ )
লাচিত।-(পণ্ডিতৰায়ৰ প্ৰতি) সকাম কি, কটকী?
পণ্ডিত।-আমাৰ বৰসেনাপতি হজুৰে এইখন পত্ৰ দি পঠিয়াইছে।