বুঢ়াগোহাঞি।— নিশ্চয় ৰামসিংহৰ দৰ্প চূৰ্ণ হব লাগে। স্বৰ্গদেৱৰ অনুমতি হওক, মই তুৰন্তে বৰফুকনৰ সাহায্যাৰ্থে সসৈন্যে যাত্ৰা কৰোঁ।
বৰগোহাঞি।— যাত্ৰা কৰিবাই তো, আমিও কৰিব লাগিব। পিচে, আগধৰি ইমানকৈ উতলিবৰ প্ৰয়োজন নাই। আমি নো তুৰন্তে যাত্ৰা কৰোঁ কিয়? চাওঁচোন, বৰফুকনৰ লগত তেওঁ কিমান পৰ লৰিব পাৰে।
চক্ৰধ্বজ।—বৰগোহাঞি ডাঙৰীয়াৰ যুক্তিও সাৰুৱা; আৰু ইতিমধ্যতে ৰামসিংহৰ কোঁঠ আক্ৰমণ কৰিবৰ অৰ্থে বৰফুকনলৈ আদেশ আৰু উপদেশ পঠিওৱা যাব। কিন্তু, যদিও লাচিত বৰফুকনৰ অসামান্য বীৰত্বৰ ওপৰত আমাৰ অটল বিশ্বাস, তথাপি তাত তেওঁক অকলে লৰিবলৈ দি তাৰ ফলাফললৈ ইমান দূৰৈত আমি অপেক্ষা কৰি থকাটো সঙ্গত বিবেচনা নকৰোঁ। গতিকে, সিফালে বৰফুকনে মোগল সেনাপতিৰ কোঁঠ অৱৰুদ্ধ কৰোক, ইফালৰ পৰা বুঢ়াগোহাঞি ডাঙৰীয়া তেওঁৰ সাহায্যাৰ্থে সসৈন্যে যাত্ৰা কৰোক।
বৰবৰুৱা।— হৈছে স্বৰ্গদেৱ! এয়ে উত্তম ব্যবস্থা। আদেশ পালে আমিও যাওঁ।
চক্ৰধ্বজ।—এয়ে স্থিৰ। বুঢ়াগোহাঞি ডাঙৰীয়াৰ সকলো আয়োজন বোধ কৰোঁ ঠিক আছে?
বুঢ়াগোহাঞি।— হৈছে, স্বৰ্গদেৱ! মই কেতিয়াবাৰেপৰা প্ৰস্তুত আছোঁ; আজিয়েই যাত্ৰা কৰিব পৰা যায়। ইফালে উজাই আহি মোগল সেনা তেজপুৰ পাইছেহি; সিফালে চেঁচা তো সিহঁতে এটা হেঁচা দিছেহি। এই যাত্ৰাতে মই সেই মোগল ফৌজ দুটা তেজপুৰ আৰু চেঁচাৰপৰা ওফৰাই ঢলিয়াই লৈ যাওঁগৈ।
চক্ৰধ্বজ।—বাৰু, কাইলৈ পুৱাতে যাত্ৰা কৰা হব লাগে। তাৰ পাচত বৰগোহাঞি ডাঙৰীয়াও এই ৰূপেই প্ৰস্তুত থাকিব লাগে; প্ৰয়োজন হোৱা মাত্ৰে যেন যাত্ৰা হব পাৰে। সম্প্ৰতি অহা যাত্ৰাতে আৱশ্যকতকৈও অলপ অধিক খাৰ-গুলী অস্ত্ৰ-শস্ত্ৰ ৰণক্ষেত্ৰলৈ পঠিয়াব লাগে। ইফালে ইয়াত আমি