যুঁজিবলৈ সাহ দিব নোৱাৰে নে? আৰু, তীৰ-বন্দুক খোজাৰ কথা যে কৈছে, বাৰু সম্প্ৰতি তেওঁকে লাগিব পাৰে, থাওক; দুই-চাৰি বছৰৰ পাচত লাগিলে খোজা হব। কিন্তু, গুৱাহাটী ঈশ্বৰে আহোমক দিছে, তাক কদাপি মোগলৰ হাতত অৰ্পণ কৰা নাযায়।"--কি বোলাহঁক? গন্ধৰ্ব্বনাৰায়ণে এই ভাৱেই এখন পত্ৰ লিখি মোৰ দস্তখত লৈ আজিয়েই আমাৰ দূতৰ হাতত মোগল শিবিৰলৈ পঠিয়াবাঁ।
গন্ধৰ্ব্ব।—ভাল, আজিয়েই উত্তৰ পঠিওৱা হব। আৰু, ডাঙৰীয়াই কোৱা মতেই লিখি আনি দস্তখত লমহি।
পানী।— ডাঙৰীয়াৰ উত্তৰ অতি বিতোপন হব। আৰু আমাৰ দুতৰ যোগে পঠিয়াবলৈ স্থিৰ হোৱাটোও উত্তম ব্যৱস্থা হৈছে। কিয়নো, তেতিয়া হলে আমাৰ ফালৰ এজনেও গৈ শত্ৰুৰ শিবিৰ সোমাই তাৰ আলেখ-লেখ চাই আহিবলৈ সুবিধা ঘটিব।
গন্ধৰ্ব্ব।—তেন্তে পত্ৰবাহকজন চতুৰ লোক হোৱা উচিত। আমাৰ মাধৱ চৰণেই বোধ কৰোঁ সেই কামৰ নিমিত্তে উপযুক্ত লোক হব। তেওঁ নগলে ময়ে এই দূতৰ বাব লবলৈ আগ বাঢ়িছোঁ।
চন্দ্ৰ।—নহয় নহয়। মাধৱেই হে তাৰ নিমিত্তে লায়ক।
মাধৱ।—অলায়ক নো কিহৰ নিমিত্তে? অমুকাক যতে দিয়ে ততে ৰাজী। মুঠেই বিপদলৈ নেঠেলিব।
লাচিত।—( মিচিকিয়াই ) বাৰু, বিপদ নাই। দূত, কটকী, পত্ৰবাহক এনে বিলাকক শক্ৰৱেও অনিষ্ট কৰিব নাপায়। বাৰু, মাধবেই যাবাঁ।
মাধৱ।—ভাল, ডাঙৰীয়া দৌতা, যাব লাগে। কিন্তু কথাটোহে কৈছোঁ। (স্বগতঃ ) বাৰু যাম, এইখিনিতে লাভৰো এটি চেলু পোৱা গৈছে জানিবা। বৰফুকনে বলে-কৌশলে ৰণখন বাৰিষালৈ নিবলৈ যে ফাকতি তৰিছে, তাৰ সম্ভেদ্ দিওঁগৈ যদি, মোগল সেনাপতিৰপৰা যে ভালকৈ কিছু সৰকাব পাৰিম
তাত সংশয় নাই। বেচ কথা, মনত ৰাখিব লগীয়া কথা।