ৰমণী।—আমিনা, তোমাৰ নাচ-গান দেখি-শুনি বৰ ভাল লাগিল। যাবৰ পৰত আৰু এটা গাই শুনাবাঁ দেই।
আমিনা।—ভাল। আপোনাৰ ওচৰত যুৱৰাজ বৰ বাধ্য। যি কওঁ, তাতে তেওঁ মান্তি হয়।
ৰমণী।—কিনো কৈছিলা? কিহত নো মান্তি হোৱা যেন পালাঁ?
আমিনা।—আপুনি যেনেকৈ শিকাই পঠিয়াইছিল, তেনেকৈয়ে কৈছিলোঁ।
ৰমণী।—এ, মই শিকাই পঠিওৱা কথা ময়ে পাহৰিছোঁ; আটাইখিনি মনত নাই। কোৱাচোঁ, বাৰু তুমি কি কি কৈছিলাঁ।
আমিনা।—কলোঁ, বোলোঁ, “আহোম ৰাজকন্যাৰ ভাৰ গতি আপোনাৰ ফালে বেয়া নহয়। পিচে, ইয়াত এতিয়ালৈকে তেওঁৰ মন হে বহা নাই। কাৰণ, অসমত মুকলিমুৰীয়াকৈ থকা ৰাজকন্যা; পিচে, ইয়াত অন্দৰমহলত পৰ্দ্দাৰ ভিতৰত থাকি তেওঁ স্ফুৰ্ত্তিহীন হৈছে। ইয়াত পাটচাৰ বেগমসকলৰ ওচৰত কেউপিনে ৰখীয়া-চন্তৰী দেখি তেওঁ আচৰিত মানিছে; আৰু কয় যে, পিজঁৰাত চৰাই বন্ধ কৰাৰ দৰে ইবিলাকক বন্ধ কৰি কিয় কষ্ট দিছে!” মোৰ এই কথা শুনি যুৱৰাজ অলপ আচৰিত হৈছিল। পিচে, মই বুজাই কলোঁ, বোলোঁ, অসম দেশত পৰ্দ্দা প্ৰথা নাই; আৰু তাত হেনো আহোম ৰমণী ৰাজসভালৈকো যাব পাৰে।
ৰমণী।—পিচে?
আমিনা।—পিছে, যুৱৰাজে মোৰ কথা মানিলে; আৰু সুধিলে কি কৰিলে নো আপোনাৰ মন মুকলি কৰিব পাৰি।
ৰমনী।—তুমি কি উত্তৰ দিলাঁ?
আমিনা।— মই আপুনি কোৱা ভাগেই কলোঁ। বোলোঁ, আহোম ৰাজকুমাৰীয়ে কিছুকাল পূবৰ ফালে খনচেৰেক মোহলগা ঠাই দৰ্শন কৰি
আহিবলৈ হেঁপাহ কৰে।