পাতনি।
অসাধাৰণ ৰাজনীতিজ্ঞ মহাপুৰুষ চক্ৰধ্বজসিংহ স্বৰ্গদেৱে পাতি লোৱা দুৰ্জ্জয় শৰাইঘাটৰ মহাৰণৰ চিত্ৰ আঁকি দেখুৱাটোৱেই এই নাটকৰ ঘাই উদ্দেশ্য। সেই অৰ্থে, এই কাহিনীৰ নায়ক কৰি ঘাইকৈ দুটি চৰিত্ৰ সজাব পাৰি;--( ১) চক্ৰধ্বজসিংহ আৰু (২) লাচিত বৰফুকন। পিচে, চক্ৰধ্বজসিংহ স্বৰ্গদেৱে ৰণ পাতিলে যদিও, আচল “শৰাইঘাটৰ ৰণ” তেওঁ দেখিবলৈ নাপালে, তেওঁৰ পৰবৰ্ত্তী স্বৰ্গদেৱ উদয়াদিত্যৰ কালত হে শৰাইঘাট ৰণক্ষেত্ৰত অসমীয়াৰ বিচক্ষণ ৰণকুশলতা প্ৰকাশ পায়; আৰু লাচিত বৰফুকন হে আৰম্ভণৰেপৰা সামৰণিলৈকে শৰাইঘাটৰ মহাৰণত নায়কৰূপে লিপ্ত আছিল। গতিকে, এই গ্ৰন্থৰ নাম "লাচিত বৰফুকন” ৰখা হল।
গদ্যত "গাওঁবুঢ়া” আৰু “টেটোন-তামুলি”নামেৰে দুখন ধেমেলীয়া সৰু নাটক ৰচনা কৰা হৈছিল যদিও, ইয়াৰ আগেয়ে ভাঙৰ নাটক আমি গদ্যত ৰচনা কৰি পোৱা নাই। এই খনো অসমীয়া সাহিত্যক্ষেত্ৰত মোৰ স্নেহাস্পদ ডেকা লগৰীয়া শ্ৰীমান্ সৰ্ব্বেশ্বৰ শৰ্ম্মা বৰুৱা বোপাদেৱৰ অনুৰোধৰ ফল হে বুলিব লাগে। আৰু তেওঁৰ উৎসাহ আৰু সু-দিহাৰ বল নোপোৱা হলে, অনতিপলমে “লাচিত বৰফুকন” পোহৰলৈ ওলোৱাৰ সম্ভাৱনা নাছিল। আৰু, এই গ্ৰন্থৰ ভেঁটি চোঙাওঁতে “উষা" ত প্ৰকাশিত আমাৰ সুযোগ্য সমনীয়া বন্ধু শ্ৰীযুত হেনচন্দ্ৰ গোসাঁইদেৱৰ "শৰাই ঘাটৰ যুদ্ধ” আৰু উক্ত ডেকা বন্ধুৰ "লাচিত বৰফুকন” শীৰ্ষক প্ৰৱন্ধ দুটিৰপৰা যথেষ্ট উপকৰণ বুটলি লোৱা হৈছে; সেই বাবে ইয়াতে দুইৰো শলাগ লোৱা হৈছে। বুৰঞ্জীমূলক নাটক ৰচনা কৰাত যি বঢ়া-টুটা দোষাদোষ ঘটিব পাৰে, তাৰ বাবে এই পাতনিতে গুণগ্ৰাহী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলোঁ। ইতি
২৩ ভাদ, ১৮৩৭ শক। |
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা। |