পৃষ্ঠা:লভিতা.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা

নতুন সংস্কৃতি সভ্যতা ৰচনা কৰিবলৈ ওলোৱা ভাৰতবৰ্ষই, অসমে মৌলিক প্ৰতিভাৰ যোগেদি নতুন স্থাপত্য গঢ়িবলৈ অনুপ্ৰেৰণা পায়। তেওঁৰ অভিপ্ৰায়, যেন আজিৰ যুগত সজা অসম বিশ্ববিদ্যালয়ৰ স্থাপত্যত আজিৰ অসমীয়াৰ সাংস্কৃতিক মনটো প্ৰতিফলিত হব আৰু অসমীযা ইঞ্জিনিয়াৰৰ নিৰ্ম্মাণ-কুশলতাৰ সি এটা নিদৰ্শন হয। অসম বিশ্ববিদ্যালযৰ ঘৰত যেন আজিৰ অসমীয়াৰেই হাতৰ আখৰ জিলিকি উঠে।

 জ্যোতিপ্ৰসাদৰ বেছিভাগ লিখাই অপ্ৰকাশিত হৈ আছে। প্ৰকাশিত লিখাবোৰ কাকতে-পত্ৰই সিচৰিত হৈ আছে। সময়ত সকলো প্ৰকাশ হলে ৰাইজে জোতিপ্ৰসাদৰ গুণাগুণ ভালকৈ উপলদ্ধি কৰিব পাৰিব।

 জ্যোতিপ্ৰসাদৰ এই অসমাপ্ত জীৱনৰ নাটকীয় কাহিনী, জ্যোতিপ্ৰসাদে বাস্তৱৰ আলম লৈ কল্পনাৰ সহায়ৰে লিখা লভিতাতকৈ ৰাইজৰ কাৰণে ‘বাস্তৱজীৱন' নাটক হিচাবে ভালকৈযে ৰাপলগা হব বুলিয়েই ইয়াত সংযোজিত কৰি দিয়া হল।

শ্ৰীবনমালী কাকতি—: বি,এছ-ছি)
ডিব্ৰুগড়