আন আন প্ৰদেশলৈ পঠাই, অসমৰ আন্দোলন আৰু অসমত হোৱা নানা অত্যাচাৰৰ বিষয়ে ভাৰতৰ সকলোকে জ্ঞাত কৰোৱায়। কনকলতা, ভোগেশ্বৰী, কুশল কোৱঁৰ-আৰু ঢেকীয়াজুলিৰ কাহিনী ভাৰতত জনাজাত হৈ পৰে।
অলপ দিনৰ পিছত—লক্ষ্মী প্ৰসাদ জ্যোতিপ্ৰসাদৰ সৈতে কলিকতাত লগ লাগেহি।
কলিকতাত থকা পিছৰ সময় ডোখৰ জ্যোতিপ্ৰসাদে তেওঁৰ জেঠেৰী ভোলাভূঞাৰ টলিগঞ্জৰ ঘৰত আশ্ৰয় লয়। ইয়াতেই জ্যোতিপ্ৰসাদৰ সাহিত্য সাধনাৰ এক নতুন উদ্যম আৰম্ভ হয়। এই টলিগঞ্জত থাকোতেই তেওঁ ‘ন যোৱান হিন্দ’, ‘অসমীয়া ছোৱালীৰ উক্তি’, ‘অসমীয়া লৰাৰ উক্তি’ ইত্যাদি নতুন ধৰণৰ বিপ্লৱী কবিতাবোৰ লিখিবলৈ ধৰে। এই কবিতাবোৰ লিখি থকাৰ সময়তেই তেওঁ অকমান লৰা-ছোৱালীৰ উপযোগী ৰামায়ণখন লিখিবলৈ ধৰে। শৰীৰৰ অসুস্থতাৰ বাবে সেইখন সম্পূৰ্ণ কৰিব পৰা নাই।
এই দৰে কলিকতাত কিছুদিন থাকোতে মহাত্মাৰ আগা খাঁৰ প্ৰাসাদত অনশন আৰম্ভ হয়৷ মহাত্মাৰ অনশনৰ পিছত জ্যোতিপ্ৰসাদ আৰু আন আন আত্মগোপনকৈ ফুৰা কংগ্ৰেছ কৰ্ম্মীসকল বৰ দোধোৰ মোধোৰত পৰে। শ্ৰীৰাজাগোপালাচাৰীয়ে অনশনৰ সময়ত মহাত্মাক দেখা কৰোতে মহাত্মাই তেওঁক জানিবলৈ দিয়ে যে মহাত্মাই কংগ্ৰেছ কৰ্ম্মীৰ পৰা দুটা কথা বিচাৰে। এটা হৈছে (Non violence) অহিংসা আৰু আনটো হৈছে(Non Secrecy)। গোপনভাবে কোনো কাৰ্য্যকে নকৰা। আনকি মহাত্মাই গোপনভাবে কংগ্ৰেছ বুলেটিন উলিৱাৰো বিৰোধী। মহাত্মাই জানিবলৈ দিয়ে যে যিবোৰ কংগ্ৰেছ কৰ্ম্মীয়ে আত্মগোপনকৈ ফুৰিছে তেওঁলোকে মহাত্মাৰ আৰু কংগ্ৰেছৰ আদৰ্শ খৰ্ব্ব কৰিছে—