পৃষ্ঠা:লট্‌কন্‌.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৭)


তেওঁবিলাকে বাটত এখন নৈ পালেগৈ। নৈৰ পাৰত দেৱদত্তই ধনৰ টোপোলাটো কাষলতিৰ তলৰ পৰা উলিয়াই, বাৰ ঠাই মানত টাপলি মৰা কাপোৰ এখনেৰে নুৰিয়ালে, আৰু ঈশ্বৰক তুতি-প্ৰাৰ্থনা কৰি লিটিকাইক মাতি কলে, "জেঠু, এই কাপোৰকানিখিনি ইয়াতে থৈছোঁ, মই ঘূৰি নাহোঁমানে ইয়াতে ৰখি থাক”। ইয়াকে কৈ তেওঁ শিচৰ লগত নৈ পাৰ হৈ গুচি গল। তেওঁক চকুৰে দেখালৈকে জেঠু তাতে বহি থাকিল কিন্তু তেওঁক নেদেখা হোৱা মাত্ৰকে সি ধনৰ মোনাটো লৈ তাৰ পৰা ফিৰিঙটি ভগাদি ভাগিল।


শিয়াল আৰু দুটা ভেড়া।


জেঠুৰ বিবিধ সদ্‌গুণৰ কথা ভাবোঁতে-চিন্তোতে, দেৱদত্তই তেওঁৰ ধনৰ কথা তেনেই পাহৰি পেলালে আৰু গাঁতত কঁকাল দি খন্তেক জিৰাবলৈ বহিল। এনে সময়তে ভেড়া এজাকৰ মাজত দুটা ভেড়াই মৰোঁ- জীওঁকৈ যুঁজা তেওঁৰ চকুত পৰিল। ভেড়া দুটা অলপ আঁতৰি যায় আৰু লৰি আহি প্ৰাণৰ কাতৰে মুৰে মূৰে খুন্দা মাৰে। এই দৰে লেকেটীয়াকৈ যুজি থাকোঁতে দুয়োটাৰ মুৰ তেজেৰে ৰাঙলি হল। ছল চাই এটা খঁকুৱা শিয়ালে মাটিত পৰা তেজ চেলেকি চেলেকি ছাগলি দুটাৰ মাজত সোমালহি।