পৃষ্ঠা:লট্‌কন্‌.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫)

এদিন জেঠু নামেৰে বৰ দুষ্ট মানুহ এটাই তেওঁৰ ধনৰ মোনাটো দেখি ভাবিলে, 'ধনৰ টোপোলাটো সন্ন্যাসীৰ হাতৰ পৰা কেনেকৈ অনা হয়! মঠৰ দুৱাৰবোৰ বৰ মজপুত বাবে দুৱাৰ ভাঙি তালৈ সোমাব নোৱাৰি আৰু পাৰ হৈ যাবলৈকো দুৱাৰবোৰ বৰ ওখ। সেই কাৰণে, ছলবুধি কৰি তেওঁক ঠগিব নোৱাৰিলে কাৰ্য্য সিদ্ধি নহয়। মোক শিষ্য কৰি লবলৈকে তেওঁক খাটোগৈচোন। কিছুদিন খাটিলুটি প্ৰতায় জন্মাব পৰিলেহে যদি তেওঁক ঠগিব পাৰি। সন্ন্যাসীটো সলিসিয়ান'।

ইয়াকে পাঙি সি পিছদিনা দেৱদত্তৰ ওচৰলৈ গল আৰু পোনতে শাস্ত্ৰৰ শ্লোক এটা মাতি, তেওঁৰ চৰণ ছুই দীঘল দি পৰি সেৱা কৰি ভক্তিত গদ্‌গদ হৈ কলে, "প্ৰভু, কৃপা কৰি মোক আপোনাৰ শিষ্য কৰি লওক; আপোনাৰ আজ্ঞা সততে পালিম বুলি মোক তাম-তুলসী ছোৱাই শপত খুৱাই লওক"।

দেৱদত্তই হাঁহিমুখে কলে, "বৎস, তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। কিন্তু ৰাতি হলেই তুমি মোৰ বহা সোমাব নোৱাৰিবা; কিয়নো, সেই সময়ত সন্ন্যাসী আন মানুহৰ লগত থকা, শাস্ত্ৰৰ বহিৰ্ভূত কাম। সেই হেতুকে, ব্ৰত আচৰণ কৰাৰ পাছত, মঠৰ দুৱাৰ মুখতে থকা সৌ খেৰৰ পঁজা-টোতহে তুমি শুব লাগিব"।