পৃষ্ঠা:লট্‌কন্‌.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১০)

দৈত্যই কলে, “মই এটা দ’ত–মোৰ নাম সঁচাকথীয়া। এতিয়া তুমি কেহেলৈ আৰু কি উদ্দেশ্যে যোৱা—মোক কোৱাঁ”।

চোৰে কলে, “মই এটা চোৰ—মোৰ নাম দুষ্কৰ্ম্মা। বামুণ এজনৰ গৰু দুজনী দেখি মোৰ চকুত ঘুমটি নহা হৈছে—তাকে চুৰ কৰি আনিবলৈ ওলাইছো”।

তাৰ উত্তৰ শুনি দৈত্যই ভাল পাই কলে, “মই তিন-দিনৰ মূৰে মূৰে এসাজি খাওঁ। মই আজি সেই বামুণজনকে খাম। তুমিয়ে ময়ে একে ঠাইলৈকে যোৱা কথাটো ৰূপত ৰাং চৰোৱা যেন হৈছে”।

সেই মনেচিতে দুয়ো বামুণৰ ঘৰত লুকাই থাকি ছেগ চাবলৈ ধৰিলে। বামুণৰ টোপনি অহা দেখি দৈত্যটোৱে তেওঁক খাবলৈ আগ বাঢ়ি আহিল। কিন্তু চোৰে কলে, “মিতা, এইটো ঠিক হোৱা নাই; পোনতে মই গৰু দুজনী চুৰ কৰি নিওঁ তাৰ পাছত তুমি বামুণক দিহা লগাবা”।

দৈত্যই কলে, “চোৰ ককাই, তুমি গৰু খেদি নিওঁতে যদি বামুণে কেনেবাকৈ সাৰ পায় তেন্তে মোৰ ফালে দেখোন চিলিমেই ছিগিব।”

চোৰে কলে, “ভাবি চোৱা, বান্ধ, তুমি তেওঁক খাবলৈ যাওঁতে যদি কিবা বিঘিনি ঘটে, তেনেহলে ম‍ই গৰু সৰকাব নোৱাৰিম। সেই দেখি, মোক গৰু দুজনী আগতে নিবলৈ দিয়া, তাৰ পাছত তুমি বামুণক খাবাঁ।”