কথাটো শুনি ৰজাই ভাবিলে, ‘এই অঘাইটং মানুহটোৱেই মোৰ লৰাটো মাৰিলে—আজি মই তাক পাপৰ উপযুক্ত শাস্তি দিম’। ইয়াকে ঠিক কৰি তেওঁ কোটোৱালক পাচিলে, “বিটলীয়া বামুণটোক তৎক্ষণাৎ ধৰি আন; আজি ৰাতি জিঞ্জিৰি লগাই বান্ধি থবি আৰু কাইলৈ কাউৰীয়ে কা কৰোঁতেই তাক শূলত দিবি”।
ৰজাৰ আজ্ঞা শুনি কোটোৱালহঁতে তেওঁক পাছলৈ হাত কৰি বান্ধি আনি বুকুত বৰ-শিল দি বন্দীশালত পেলাই থলেহি। তেতিয়া তেওঁ সাপটো স্মৰণ কৰিলে। সি তেতিয়াই দেখা দি সুধিলে, “দেউ, কি কৰিব লাগে আজ্ঞা কৰক”। বামুণে কলে, “প্ৰাণ যায়—মোক এই বান্ধৰ পৰা বেগতে মোকলাই দে”। সাপে তেওঁৰ বান্ধ মোকলাই দি কলে,“মই ৰজাৰ পাটমাদৈক খোঁটোঁগৈ। ভাল ভাল ওজাই জাৰি আৰু ৰজা-বেজে দৰব-জাতি খুৱায়ো মোৰ বিষ লৰাব নোৱাৰিব, কিন্তু আপুনি ছোৱা মাত্ৰকে কুৱঁৰী ভাল হব”। ইয়াকে কৈ সি চকুৰ পচাৰতে কুঁৱৰীক ডাকিলেগৈ।
কাৰেঙত হুৱাদুৱা লাগিল। শোকত গোটেই নগৰ জঁই পৰিল। কবিৰাজ, বেজবৰুৱা আৰু ওজাৰে ঘৰ নধৰা হল; প্ৰমাণী দৰবজাতি অনোৱা হল, কিন্তু ওজাৰ জৰাফুকা অথলে গল আৰু বেজবৰুৱা-কবিৰাজৰ দৰব সমূলি নেফাপিলে। মুঠতে বিষে কেৰেপকে নকৰিলে।