সমললৈ যাওক

পৃষ্ঠা:লট্‌কন্‌.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)


 ইয়াৰ পাছত বামুণজনে আগৰ দৰে হাবিত ঘূৰিপকি ফুৰিবলৈ ধৰিলে, কিন্তু খাবৰ নিমিত্তে একো নেপালে। তেওঁ নিৰাশ মনেৰে ঘৰলৈ উভতি যাব খুজিছিল, এনেতে বান্দৰে মাতি যোৱা কথালৈ তেওঁৰ চাঁট কৰে মনত পৰিল। তেওঁ বহুত ঘুৰ্ম্মুটিয়াই বান্দৰৰ থকা ঠাই উলিয়ালেগৈ। সি তেওঁক অমৃত যেন বহুত পকা ফল খুৱালে। গছৰ গুটিবোৰ খাই, বামুণৰ ভোকপিয়াহ কেনিবাদি গল। বান্দৰে শেহত কলে, “দেউ, ফলমূলৰ দৰ্কাৰ হলেই আপুনি মোৰ ওচৰলৈ আহিব।” বামুণে কলে, “তই মোৰ ধাৰ সুতেমূলে শুজিলি। এতিয়া বাঘ কত থাকে মোক দেখুৱাই দে।”

 বান্দৰে তেওঁক বাঘৰ ওচৰলৈ নি চিনাকি কৰি দিলেগৈ। বাঘে তেওঁক ততালিকে চিনি পালে আৰু বামুণে কৰা উপকাৰৰ কথা সুৱঁৰি সি তেওঁক এধাৰ সাতসৰী আৰু ভালেখিনি সোণৰ অলঙ্কাৰ দি কলে “ঘোঁৰাত উঠি এজন কোৱঁৰ এই হাবিত মৃগয়া কৰিবলৈ আহিছিল। কিন্তু ঘোঁৰাটোৱে ফালৰি কাটি ৰজাৰ লৰাক ডাঠ হাবিলৈ লৈ আহিল; কোঁৱৰক অকলশৰে পাই ম‍ই বধ কৰিলোঁ। তেওঁৰ গাত থকা অলঙ্কাৰখিনি ম‍ই আপোনাৰ নিমিত্তে সাঁচি থৈছোঁ। কৃপা কৰি মোৰ এই সামান্য দান গ্ৰহণ কৰি ঘৰলৈ উলটি যাওকগৈ। তাত চাগৈ লৰাতিৰুতাই আপোনাৰ কাৰণে বাটলৈ চাই আছে”।