পৃষ্ঠা:লট্‌কন্‌.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(2)

লাগিল। তেওঁ তাত পানী বিচাৰি চলথ কৰিলে। পানী বিচাৰি ফুৰোঁতে তেওঁ হঠাৎ বনে ছাটি থোৱা এটা দ পাটনাদ পালেগৈ। তেওঁ তললৈ চাই দেখিলে যে তাত এটা বাঘ, এটা বান্দৰ, এটা সাপ আৰু এটা মানুহ পৰি কক্‌বকাব লাগিছে। নাদত থকা প্ৰাণীকেইটায়ো তেওঁক দেখিলে। তেতিয়া বাঘে ভাবিলে, ‘এইটো এটা মানুহ—ই মোক পাৰলৈ তুলিব পাৰিব'। ইয়াকে ভাবি সি চিঞৰি কলে, “ডাঙৰীয়া, জীৱনদান দিয়াৰ সমান পুণ্যৰ কাম একো নাই। দুটি চৰণত ধৰি মাতিছোঁ, এতেকে আপুনি মোক পাৰলৈ তোলক। আপুনি গোৰ মাৰি দয়া কৰিলেহে যদি মই মোৰ লৰাতিৰুতা আৰু মিতিৰকুটুমৰ মুখ চাবগৈ পাৰিম—নহলে মই মৰিলোঁ, দেউ।”

সেই কথা শুনি বামুণে কলে, “বাঘ, তোৰ নাম শুনিলেও মানুহৰ হিয়া কঁপে। সঁচা কথা নকৈ কি, সেই দেখি তোক তুলিবলৈ মোৰ বৰ ভয় লাগিছে।” কিন্তু বাঘে কলে, “নৰঘাতী, মদপী, কাপুৰুষ, অঙ্গীকাৰ কৰি অঙ্গীকাৰ ভঙা আৰু ঠগ—এইবোৰ মানুহৰো পৰাচিত আছে কিন্তু অশলাগী মানুহৰ পৰাচিত নাই; সি পৃথিৱীত চন্দ্ৰসূৰ্য্য থাকে মানে ৰৌ-ৰৌ নৰকত পৰি নিকাৰ ভুঞ্জে। তিনি সত্য খাই কৈছোঁ, ম‍ই আপোনাক একো অপকাৰ নকৰোঁ৷ সেই বাবে চৰণত ধৰি মাতিছোঁ, দেউ, মোক পাৰলৈ তোলক।”