চিপাহী দুজনে মিচি মাচাৰ হাঁহিৰে তাৰ পিনে চাই থাকে। সি হাঁহি মাৰি সৰু শৰণেৰে সুন্দৰ মুৰ লগাই গাবলৈ ধৰে :- “বাধীন চিতীয়া হালোৱা ডেকাৰণুৱা। পঞ্চায়তী যুগৰ ন মনেৰে মনুৱা, যুঁজিব সমৰত লগৰীয়া বনুৱা। চিনি লচোন কোন শতক লুকাই আঁৰত তোৰ, ডাঙৰ ৰঘুমলা তেজপীয়া কুবেৰৰে মূৰ, জীৱন ভৰি নপৰিব তোৰ দুখৰে ওৰ, যিমান দিন বাচি থাকিব ধনৰ খকুৱা। বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতৰ খে, বজ্জাতৰ দলে পাতে নানা জালিয়াতী মেল। আগবাঢ়ি ব’ল ভাঙি চিঙি জুলুমবাজীৰ জাল নকৰিবি ভয়,—ব’ল হই শশাষণ বাদীৰ কাল, নতুন যুগৰ নতুন ভাৱৰ, নতুন ৰণৰ মাল। আগুৱাই যা আগবাটি বল আগবাঢ় দুখীয়া। “বেচ, বেচ, এইবিলাক ৰঙীয়াল মানুহে কি ৰাজনীতি জানে? মিছাকৈহে ইয়াক জুলুম কৰা হৈছে।” হয় চাৰ।” এজন চিপাহীয়ে লাহেকৈ কয়। “তই যা, নগৰৰ বৰলোকৰ কথা ক'তো একো নকবি। শুনিছই নহয়, দেশত এতিয়া নিৰ্বাচন হব।” “বৰ ভাল চাৰ। আমিনো আৰু মানুহনে? বৰলোক মানত আমি কুকুৰতকৈও অধম, কি কবৰ আমাৰ সাধ্য আছে। আমি বাট বনুৱা, দিনৰ কৰ্ম্ম, প্ৰাণৰ ধৰ্ম।” “তাক যাবলৈ দে” বুলি কৈ বৰ দাৰোগ উঠি যায়। তেওঁ যোৱাৰ পিছত এজন চিপাহীয়ে তাক লাহেকৈ সোথ, কামাক চাহ খুৰাই যাবলৈ পইচা আছেনে?” বচোন, খুচু কি আছে চাওঁ।” ৰচনাকলা বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা। [ ১ ] .
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৮৭
অৱয়ব