সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[2] হাসৰ বৰ নগৰৰ সৰুপথাৰ এখনত গণৰ গইম এনে বক্তৃতা দি থাকোতেই নগৰৰ এটি শত পোব নী শ্ৰেণীৰ এক সম্প্ৰদায়ৰ ওপৰত হঠাতেই এটি তীব্ৰ আক্ৰমণ আৰ হল। সিহঁতৰ ঘৰৰ লোৰ কপাট ভেদ কৰি ধনৰ টোপোনা কোন অজ্ঞাত যুবক দলে কাটি নিলে। ঠাইয়ে ঠাইয়ে দুই-এটি ঘৰত অগ্নি সংযোগ হল। ধনীৰ ভেৰৰণীয়া পালোৱানৰ লগত যু শক্তিৰ ভেটাভেটি হল। শোক ধনীৰ ওপৰত এনে আক্ৰমণ হঠাতেই কৰবাৰ পৰা হোৱাত নগৰৰ নিবনুৱা দলৰ দুই-এক সংবাভী লোকে ভূতৰ ওপৰত দানৱৰ দৰে এই ধনীৰ দলক তীব্ৰভাৱে আক্ৰমণ কৰিলে। হঠাতেই এটি অঘটন ঘটি পৰিল। সিহঁতে ফোন কৰিও কাকো নাপালে, কাৰণ ফোন সংযোগ আগতেই বিচ্ছিন্ন কৰি থোকা হৈছিল। চাবিশ জানুৱাৰীৰ মহা আনন্দৰ মাজত হুৱা-দুৱা লাগি পৰিল। কিন্তু ইয়াৰ চাবিকাঠি ক’ত কোনেও উমান নাপালে। অসমৰ চাৰি সীমাৰ বাহিৰৰ পৰা ওলোৱা এখন বাতৰি কাকতে এটি খবৰ পোৰণ কৰিলে যে, এই কাৰ্য গুপ্তভাৱে সংগঠিত হোৱা শক্তি শালী লাচিত সেনাৰ। ঘটনাৰ সন্ধিয়া পুলিচে গ্ৰেপ্তাৰ কৰিলে যুৱক নেতা প্ৰণক। তাৰ পিছদিনা আৰু কেইজনমান কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰও বন্দী হৈ পৰিল। ইয়াৰ পিছত এমাহৰ ভিতৰতেই ছাত্ৰ, অ-ছাত্ৰ জন যুৱকক হাতকেয়ো দি বন্দীশালত সুমুৱাই বলে। প্ৰণবৰ গ্ৰেপ্তাৰৰ বাতৰি জীৱনে পাইছিল দৈনিক কাকতত। একালত যেতিয়া জীৱন শিক্ষক আছিল তেতিয়া তলৰ শ্ৰেণীত পটি থাকোতে প্ৰণৱ তেওঁতেই অতি প্ৰিয় ছাৰ আলি। তেতিয়া এ নাম আছিল সত্ৰীয়ানৃত্যত। এণৱৰ গ্ৰেপ্তাৰত তেওঁ মনতেই গৌৰ আজ কৰিলে। গুৱাহাটীত ১৪৪ ধাৰা জাৰি হল, পিছতেই আবহ সা লাইনে [>]