পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
মোৰ মাতৃমুখ দৰ্শন

কিন্তু লোকলৈ বিধিবিধান দিযাতহে পণ্ডিতসকলক পটু হোৱা দেখা যায়, নিজৰ বেলিকা সেইবোৰ প্ৰায নামানি চলাহে তেওঁলোকৰ গঢ়গতি। নাজিৰে লোভ কৰি কৰবাৰ পৰা ঘোঁৰা দান লৈ আৰু ঘনে ঘনে সোণ দান লৈ জগতৰ পৰা কতবাৰ দেখিছিলোঁ। বগাতাৰা আৰু ক’লাতাৰাৰে বা খবৰ কি? বগাতাৰা বিখ্যাত ক্ষেত- কেশ্বৰ পণ্ডিতৰ পুতেক আৰু বেছ বুদ্ধিমান ডেকা আছিল। যাক ক’লাতাৰা বুলিছোঁ, তেওঁ তামুলীফুকনৰ ঘৰৰ কমলানাথ ফুকন ডাঙৰীয়াৰ পুতেক। তেওঁৰ বৰণ নিশ্চয কলা নাছিল, কিন্তু ক’লাতাৰাৰ বৰণটো বৰ বগা হোৱাৰ নিমিত্তে তেওঁ ৰিজণিত ক’লা নাম পাইছিল। ধকধক কৰে বগা সুবিখ্যাত দাদাভাই নৌৰজীযে বিলাতত বিলাতত বগা ইংৰাজৰ তুলনাত লৰ্ড চল্ চবেৰিৰ মুখৰ পৰা Boack man অৰ্থাৎ ক’লা মানুহ নাম পোৱাৰ দৰে আমাৰ দুইনম্বৰৰ তাৰাই তেনে নাম পাইছিল।

 প্ৰিযৰাম দত্ত জীযাই আছে নে? মোৰ মনত পৰে, তেওঁৰ ঘৰ আমাৰ স্কুলৰ ওচৰতে আছিল। ডাঙৰীয়া লক্ষ্মীনাথ কাকতীযে কলিকতাত পঢ়ি গৈ প্ৰথমতে আমাৰ স্কুলত ছাৰ্ভে মাষ্টৰ হয। তাৰ পিছত হে ছবডিপুটী আৰু ই-এ-চি। তেওঁ প্ৰথমতে শ্ৰীযুত প্ৰিযৰাম দত্তৰ ঘৰত আছিলগৈ।

 ৰামবাবু, আৰু বিষ্ণুবাবুৰ ঘৰো আমাৰ স্কুলৰ ওচৰতে আছিল। অসমত অনেকদিন বাস কৰি আদখিনি অসমীয়া হৈ যোৱা বঙালী তেওঁলোক। ৰামবাবুৰ বিলাতী মদৰ দোকান আছিল। বিষ্ণুবাবু, কাছাৰীত অফিচ চুপাৰিণ্টেণ্ডেণ্ট। ভাযেক ককাযেক দুযো বৰ গাৱাল আছিল আৰু সেই বিষযত দুইৰো ভিতৰত এজনে বোলে মোক চা বিধৰ। ৰামবাবুৰ পুতেক এজনে মোৰে সৈতে একে শ্ৰেণীতে পঢ়িছিল। বিষ্ণবাবুৰো পুতেক এজন আছিল। তেৱোঁ গা-গাৰিৰ বিষযত বাপেকত কৈ এখোপ চৰা, নহয বাপেকৰ সমান, নহয অলপ নাম্ নাচ। ঠাকুৰ দাস, ঘোষ আৰু তেওঁৰ পুতেক গোপালবাবু মাষ্টৰ গিৰীশ ৰাজেন্দ্ৰও প্ৰায় একেবাৰেই অসমীযা হৈ যোৱা বঙালী। ঠাকুৰদাসবাবুৱে আবেলি আমাৰ ঘৰত দেউতাই শ্ৰীমদ্ভাগৱত ব্যাখ্যা কৰা আন আন শ্ৰোতা সকলেৰে সৈতে বহি শুনিছিলগৈ। পুতেক গোপালবাবুৱে পুৱা গৈ দেউতাৰ কাষত নিদান ভাৱ প্ৰকাশ ইত্যাদি আয়ুৰ্ব্বেদ শাস্ত্ৰ পঢ়িছিল গৈ। এটা কথাৰ নিমিত্তে কিছুমান দিনৰ পিছত গোপাল বাবুৰ পাঠত ব্যাঘাত ঘটিছিল। সাধাৰণ ব্ৰাহ্ম সমাজৰ প্ৰচাৰক পণ্ডিত ৰাম কুমাৰ বিদ্যাৰত্ন নামেৰে বঙালী এজনে অসমত ব্ৰাহ্মধৰ্মৰ প্ৰচাৰ কৰি ফুৰিছিল। শিৱসাগৰত তেওঁ গোটাচেৰেক বক্তৃতা দিছিল আৰু গোপালবাবুৰ ঘৰত ব্ৰাহ্মধৰ্ম্মৰ পদ্ধতি অনুসাৰে ব্ৰহ্মোপাসনা কৰিছিল। তেওঁৰ বক্তৃতা শুনি শিৱসাগৰৰ ডেকাসকলৰ ভিতৰত বৰকৈ চাঞ্চল্য উপস্থিত হৈছিল আৰু কোনো কোনো ডেকাই ব্ৰহ্মোপাসনাত যোগ দিছিল। মোৰ দেউতা আৰু পণ্ডিত তুলসীৰাম বৰুৱা প্ৰভৃতিযে বাধা দি ডেকাসকলক পুনৰায় বান্ধোনৰ ভিতৰলৈ আনছিল। তুলসী বৰুৱা পণ্ডিতে প্ৰতিবাদ স্বৰূপে ব্ৰাহ্মধৰ্মৰ বিৰুদ্ধে আমাৰ স্কুলঘৰত বক্তৃতা পঢ়া আৰু ৰাম কুমাৰ বাবুৱে সেই সভাত উঠি কাণৰ কণা-মাকৰি সৰি যোৱা চিঞৰেৰে তাৰ প্ৰতিবাদ কৰা আজিও মোৰ মনত আছে। *


  • বহিী—২৯শ বছৰ, ৮ম সংখ্যা, চ’ত ১৮৫২ শক। অ-হা

২য-৮