পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
মোৰ মাতৃমুখ দৰ্শন

থৈছিল। শিৱসাগৰৰ সমাজ বান্ধোনৰ জৰীডালৰ জোৰটো কেনেকৈ দেউতাই নিজৰ হাতৰ ভিতৰত দৃঢ় কৰি শিৱসাগৰৰ সমাজিক জীৱন সুশৃঙ্খল কৰি ৰাখিছিল। মাননীয় চিৰস্তাদাৰ ইন্দীবৰ বৰুৱা আৰু তেওঁৰ সুযোগ্য ভায়েকসকল —দামোদৰ বৰুৱা, শশীধৰ বৰুৱা, ৰত্নধৰ বৰুৱা আজিও শিৱসাগৰত আছে নে? সেই কালত শিৱসাগৰৰ দৈৱজ্ঞ ব্ৰাহ্মণসকসৰ ভিতৰত প্ৰধান পুৰুষ কৃষ্ণপ্ৰাণ শৰ্মা চাংকাকতী, হৰকান্ত শৰ্মা নাজিৰ আৰু গোপীনাথ শৰ্মা প্ৰভৃতিক দেখিবলৈ পাম নে? বেজ- বৰুৱাৰ বংশধৰ, সুপণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ ভায়েক তুলসীৰাম বৰুৱা পণ্ডিত, সোমেশ্বৰ বৰুৱা আৰু ভায়েক মহেশ্বৰ বৰুৱা আছেনে? স্নেহাস্পদ দেশনেতা শ্ৰীযুত কুলধৰ চলিহা, প্ৰেমধৰ চলিহা আৰু শ্ৰীযুত পদ্মধৰ চলিহাৰ পিতৃদেৱতা নিৰ্ভীক দেশহিতৈষী তেজস্বী পুৰুষ ফণীধৰ চলিহাক আৰু ফুকননগৰ নিবাসী সভাশুৱনি বুদ্ধিমান নেতা গঙ্গাগোবিন্দ ফুকন আৰু তেওঁৰ অন্তৰঙ্গ বন্ধু বৈদ্যবিদ্যা বিশাৰদ মোৰ জ্যেষ্ঠ ভ্ৰাতা ব্ৰজনাথ বেজবৰুৱাক শিৱসাগৰত দেখিবলৈ পাম নে? দিখৌৰ পাৰৰ ঘৰত ৰসেন্দ্ৰৰ ঘৰৰ শিলাকুটি মৌজাদাৰ ইন্দ্ৰেশ্বৰ ৰাজখোৱা আৰু তেওঁৰ ভায়েক কমলচন্দ্ৰ আৰু সেই শাৰীৰে ঘৰত গঙ্গাধৰ শৰ্মা উকিল, মিষ্টভাষী শ্যামসুন্দৰ দুৱৰা ডাঙৰীয়া আৰু সেই কালত ইংৰাজী ভাষাভিজ্ঞ বুলি প্ৰখ্যাত পৰমানন্দ ভঁৰালী ডাঙৰীয়া আজিও আছে নে? বেৰিষ্টাৰ তাৰাপ্ৰসাদ চলিহা আৰু দেশসেৱক যাদৱপ্ৰসাদ চলিহাৰ পিতৃদেৱতা—তেতিয়াৰ দিনত উঠি অহা ডেকা উকিল সুযোগ্য কালীপ্ৰসাদ চলিহা ডাঙৰীয়াক দেখিবলৈ পামগৈ নে? শ্ৰদ্ধাস্পদ দুৰ্গাপ্ৰসাদ বৰুৱা আৰু ৰমাকান্ত নাজিৰ সেই মই দেখি অহা ঘৰতে আজিও আছেনে? সুবিখ্যাত চৰকাৰী বিষযা শ্ৰীযুত ৰাধানাথ ফুকনৰ পিতৃদেৱতা ডাঙৰীযা কৃপানাথ ফুকন আৰু ভায়েক যদুনাথ ফকন সেই আমাৰ ঘৰৰ ওচৰৰ বাৰীখনৰ ঘৰতে আছে নে? বুৰঞ্জীবিদ কাশীনাথ তামুলিফুকনৰ পুতেক মুক্তানাথ ফুকন ভিনিহিদেৱৰ ঘৰো আমাৰ ঘৰৰ ওচৰতে আছিল। এতিয়াও সেই ঘৰ সেই- দৰেই আছে নে? বৰভিনিহি বিদ্যাধৰ বৰুৱা, মহাপণ্ডিত উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ পুতেক কীত্তিধৰ বৰুৱা আৰু আমাৰ ভাগিন সোমধৰ বৰুৱাৰ ঘৰ আগৰ ঠাইতে আছে নে? বৰভিনিহি বিদ্যাধৰ বৰুৱাৰ ঘৰত এজোপা ডাঙৰ বহত গছ আছিল। ক’ত দিন তেওঁলোকৰ ঘৰলৈ গৈ মই বহুত খাইছিলো আৰু তেওঁলোকৰ বাৰীৰ পাছফালে থকা পকা মিৰিকা টেঙা চুৰ কৰি খাইছিলো। তেতিয়াৰ দিনত বাহী গাৰে মই পানী এটোপাকে নেখাইছিলো। সেইদেখি পুৱা সিদিনা মই মিৰিকা টেঙা চুৰ কৰিছিলো। টেঙাবোৰ চুৰিযাৰ কোচত লৈ বাহিৰে বাহিৰে গৈ দিখৌত জোবোৰা মাৰি গা ধুইহে তাক মুখত দিছিলোঁ।

 গহীন গম্ভীৰ দুৰ্গেশ্বৰ শৰ্মা চিৰস্তাদাৰ আৰু তেওঁৰ ভায়েক টেপু মাষ্টৰলৈকো ( লোকনাথ শৰ্মা) মনত পৰিছে। দুৰ্গেশ্বৰ চিৰস্তাদাৰক মোৰ দেউতাই বৰ ভাল পাইছিল। গধূলি প্ৰায় দিনৌ দেউতা তেওঁৰ ঘৰৰ ফালে ফুৰিবলৈ গৈছিল। তেওঁৰ পুতেক দ্বাৰকেশ্বৰ শৰ্ম্মা বেছ বুদ্ধিমান ল'ৰা আছিল। কলিকতাত একেটা মেছতে