তৃতীয় আধ্যা
আমি ডিব্ৰুগড় পোৱাৰ দিনাই, ৰাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰষুণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সৰকি যোৱা। সেই লে্লপেল্, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজু সোপাকে সেঙেটা লগাই পেলাইছিল। বৰষুণৰ দৌৰাত্ম্যত আমি ক’লৈকো হৃষ্টচিত্তেৰে ফুৰিবলৈ ওলাই যাব নোৱাৰিছিলোঁ। ফলত আমি ৰাজনৈতিক বন্দীৰ দৰে একে ঠাইতে বন্দী হৈ ৰলোঁহক,—অবশ্যে আজিকালি চৰ্কাৰ বাহাদুৰে শ্ৰেণীবিভাগ কৰাৰ দৰে এ- শ্ৰেণীৰ বন্দী নহয়, ৰাজবন্দীহে। কাৰণ চাৰি বেৰৰ ভিতৰতে আমাৰ আহাৰবিহাৰ আৰ নিদ্ৰাসুখ নিবিঘ্নে সম্পাদিত হৈছিল, এই নিমিত্তে যে সেইবোৰ বিষয়ৰ জইন্ট-ছুপাৰিন্টেন্টে অৰ্থাৎ যুটীয়া তত্বাৱধাযক আছিল আমাৰ জী-জোঁৱাই। বেটীযে বাঢ়নীৰ ওপৰত খং সৰাদি, দিনৌ আমাৰ মূৰৰ ওপৰত পানী বৰষা মেঘৰ ওপৰত আমি শাও বৰষি আমাৰ খং সাৰিছিলো। কাইলে অ’ত ফৰিবলৈ যাম, পৰশুইলৈ ত’ত চিকাৰ কৰিবলৈ যাম, তাৰ পিছ দিনা নাৱত উঠি গৈ ব্ৰহ্মপুত্ৰৰ বালিত বালিভাত খাম ইত্যাদি কথাৰ সাত হাল ৰাতিমৰি থাকি কটাইছিলোঁ, কিন্তুপুৱা বৰষুণে বিধি-পথালি কৰি আমাক এহালো মাৰিবলৈ নিদিছিল। স্বৰ্গৰ খবৰ অৱশ্যে নাজানো। শুনিছোঁ তাত হেনো এজন ৰজা আছে, তেওঁৰ নাম ইন্দ্ৰ। তেওঁ থকা পুৰীখনো হেনো সুন্দৰ আৰু তাৰ নাম অমৰাৱতী। ৰজা থাকিলেই ৰাজসভা থকাতো দস্তুৰ পাত্ৰ, মন্ত্ৰী, সভাসদ আৰু টেকেলা-বেঙেনা এইবোৰো তেওঁৰ থাকিবলগীয়া কথা। আৰু শুনিছো স্বৰ্গৰ ৰজাই স্বৰ্গতো ৰাজত্ব কৰে আৰু পথিৱীৰ নৰমনিচবোৰৰ ওপৰতো তেনেকুবা কিবা এটাকে কৰে। তোমাৰ মন গ’লে তাক ৰাজত্বও বুলিব পাৰা, Rule বা শাসনো বুলিব পাৰা। শাসিত নৰ-মনিচে সদায় ইবাৰ এইটো সিবাৰ সেইটো আমাক দিয়া বুলি ৰাজাধিৰাজ ইন্দ্ৰক আমনি কৰি থকাটোও জানো। বোধকৰো নৰমনিচৰ বৰ আমনিত তৎ নেপাই ৰাজাধিৰাজে এইবাৰ তেওঁৰ সভাসদবোৰ গোটাই বৰ ডাঙৰকৈ মেল এখন পাতিছিল। তাত আলোচ্য বিষয় আছিল, পৃথিৱীৰ নৰ-মনিচক তেওঁলোকে কি দিব পাৰিব, কি দিব নোৱাৰিব, কি দিয়াটো উচিত আৰৰ কি দিয়াটো অনুচিত। অথবা দিব লগীয়াটোও কি উপাষেৰে নিদিষা হ’ব পাৰে। কোনে জানে কিজানি এইবাৰ সাতোখন স্বৰ্গৰ পৰা প্ৰতিনিধি নমাৰ খেলুৱৈসকলক মাতি আনি মেলখন ডাঙৰকৈয়ে পাতিছিল। শুনিছোঁ সুৰপুৰীৰ সুৰেশ্বৰসকলৰ পেটত সুৰা আৰু সৰুসুৰা নোহোৱা গুৰুভোজন নপৰিলে, তেওঁলোকৰ ভাবনা চিন্তাবোৰত খেলিমেলি লাগি পৰে, মুখ ভালকৈ মেল নাখাষ আৰু মেল খালেও জিভা ভালকৈ দোৰোল নাখায়। আমাৰ ভাতৰ পাতত কথা নিষিদ্ধ; কিন্তু তেওঁলোকৰ ভাতৰ পাততহে বৰমঙহৰ বৰমেলখন সিদ্ধ হয়। সেইদেখি ইন্দ্ৰ মহাৰাজে, আমি ডিবুৰুগড় পোৱা সময়তে সুৰপুৰীৰ খেলুৱৈসকলৰ নিমিত্তে বৰ-