সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
মোৰ মাতৃমুখ দৰ্শন

মই মোক ল’ৰা বোলাত আশা কৰোঁ পাঠকসকলে নাহাঁহিব। ল’ৰা শব্দটোৰ মানে এইখিনিত কি, সেইটো কোৱাই বাহুল্য। লেখকৰ পিতৃদেৱতা ৰজাঘৰীয়া বেজ আছিল। আয়ুৰ্ব্বেদ শাস্ত্ৰত যে তেওঁৰ জ্ঞান সুপৰিপক্ক আছিল, এই কথা আগৰ তৰপৰ অসমীয়াই জানে। তেওঁৰ মুখত মেলেৰিয়া জ্বৰ কথাটো মই কেতিয়াও শুনা নাছিলোঁ। মেলেৰিয়া কথাটো আয়ুৰ্ব্বেদৰ অবিদিত, ইংৰাজী সভ্যতা আৰু ডাক্তৰী শাস্ত্ৰৰ দ্বাৰাই আনীত। এইকলীযা চাবোন, চুৰট, চেলেউৰ দৰে যদিও সি বিদেশৰ আমদানি তথাপি সি আজিকালি আমাৰ ঘৰৰে এটা হৈ পৰিছে, সেই দেখি তাক অগ্ৰাহ্য কৰিবৰ উপায় নাই। দিনৌ আবেলিৰ পৰা মোৰ গাত অলপ জ্বৰ উঠি সেই জ্বৰ প্ৰায আদখিনিমান ৰাতিলৈকে থাকিছিল। কিন্তু মই গুৱাহাটী পালতে, বৰ আনন্দৰ হেঁচাত বোধকৰোঁ মেলেৰিয়া টেপা খাই পলৰীয়া হ’ল, যদিও সি তাৰ লগৰীযা কৰ্পটিক মোৰ গাত চৰিবলৈ এৰি থৈ যাবলৈ পাহৰা নাছিল। কটন কলেজৰ মোৰ ছাত্ৰ-বন্ধুসকলে সেই দিনাই গধুলি সভা পাতি মোক অভিনন্দন দি সম্মানিত কৰিলে। সভালৈ যাওঁতে মোৰ গাত বন্ধ খাই থকা ডাঠ কৰপাৰ অভাৱ নাছিল। কিন্তু আগ্ৰহ, সমাদৰ আৰু অনুৰোধ অমান্য কৰিবৰ শকতি ঈশ্বৰে মোক দিয়া নাই; গতিকে “যথা নিযুক্তোহুস্মি তথা কৰোমি।” সভালৈ গৈ দেখিলোঁ, মোৰ ছাত্ৰ- বন্ধুসকলৰ কি উৎসাহ! কি আনন্দ। মই সমাজিকতো ভবা নাছিলো যে তেওঁলোকৰ হৃদয়ৰ এছোৱা এই অকামিলা এলাবাদু লেখকে কেনেবাকৈ এইদৰে অধিকাৰ কৰি থৈছিল। একো একোটি ডেকা ল’ৰাৰ গঢ়িত প্ৰফুল্ল মুখ দেখি সঁচাকৈয়ে মই উৎফুল্ল হৈ, মোৰ বৃদ্ধত্ব জৰত্ব পৰিহাৰ কৰি তেওঁলোকৰ লগতে ডেকা হৈ পৰিছিলো। তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বস্তৃতা দিছিল। জনচেৰেকে সুললিত কণ্ঠেৰে সঙ্গীত গাইছিল আৰু জনচেৰেকে ওজাপালী হৈ অঙ্গীভঙ্গীৰে হাস্যৰসপূৰ্ণ বিবাহ গাই আমাক নথৈ আনন্দ দিছিল আৰু লগে লগে নুমাওঁ নুমাওঁ হোৱা মোৰ সৰুকালৰ আনন্দ ৰসৰ বন্তিগছত তেল দি তাৰ শলাকানি বঢ়াই দিছিল। নিশ্চয় গুৱাহাটীত কলেজ আৰু শিক্ষাৰ কেন্দ্ৰ হোৱা নিমিত্তে যে এনে সুফল ফলিছে, তাক নকলেও হব। মোৰ মনত বৰ ৰং লাগিছে যে তাহানি গুৱাহাটীত কলেজ হোৱা উচিত নে কলিকতাত চকৰিী বৃত্তিৰ সংখ্যা বঢ়াই দি বেছি সংখ্যক অসমীয়া ছাতৰক পঢ়িবলৈ দিয়া উচিত, এই লেখকে গুৱাহাটীত কলেজ হোৱাৰ সপক্ষে যথাসাধ্য চেষ্টা কৰিছিল।

 ২৩ তাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ ২৪ তাৰিখে পুৱা ন মান বজাত ডিবুৰুগড পালোঁগৈ। ষ্টেছনত অনেক চিনা-জনা মানুহেৰে সৈতে সাক্ষাৎ হ’ল আৰু তাৰ ভিতৰত মোৰ মাজুজনী ছোৱালী আৰু মাজু জোঁৱাইক আৰু মোৰ সৰু ভাইক দেখি মনত বৰ আনন্দ মিলিল। মই আগৰটো প্ৰবন্ধত ৰাজহুৱা ডাকতকৈও টেকেলাৰ ডাকৰ প্ৰবল প্ৰভাবৰ কথা কৈছিলোঁ, কিন্তু সেইটোনো কোন টেকেলা, কাৰ টেকেলা, কেনে টেকেলা, তাৰ আঁতিগুৰিৰ বিষয়ে নকৈ কথাৰ তাঁতখনত খৰকৈ মাকো চলাই গ’লোঁ। কাৰণটো আন একো নহয়, মাথোন এই ভাবি যে সি যথাস্থানত