সুবিধাকে লৈ ১৮৩০ খৃষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত অসমলৈ বুলি যাত্ৰা কৰি আমি সম্বলপুৰ এৰিলোঁ। লগত মোৰ সহধৰ্ম্মিণী আৰু সৰুটী কন্যা। মানুহৰ মুখে মুখে
প্ৰচলিত একাষাৰ সংস্কৃত শ্লোক আছে যে “পথে নাৰী বিবৰ্জ্জিতা।” কব নোৱাৰা
সেই শ্লোক কোনে কৰিছিল। মই তাৰ অনুশাসন মানি নচলোঁ। নিশ্চয় শ্লোক
কৰোঁতাই তিৰুতাক গলগ্ৰহ ভাবি সেই শ্লোক ৰচনা কৰিছিল। হব পাৰে, নানা
কাৰণত শ্লোক ৰচকৰ তেনে অৱস্থাত দুৰৱস্থা ঘটিছিল। সেইদেখি শ্লোক ৰচক
পুতৌৰহে যোগ্য, খঙৰ নহয়। মই কওঁ মোৰ বহুদৰ্শনত “পথে নাৰী বিবৰ্জ্জিতা”
নহয সম্পূজিত্যহে। বয়বস্তু দেখাশুনা, লাগিলে ৰেলৰ টিকট পৰ্যন্ত কিনা, ঘণ্টাই
ঘণ্টাই ফলটো, পিঠাখন চাহপানীটোপা যাতনাই খুৱাই বাটৰ ভোকক ৰেলৰ
খোটালীৰ ভিতৰৰ পৰা গতিযাই উলিযাই দিযা, শুৱলৈ পাটীখন পাৰি দিযা,
গাৰুটো মুৰৰ তলত গুজি দিযা, আৱশ্যক হলে বিছনীৰে মুৰৰ ওপৰত বিছি
ঘামৰ কণকঠীযা মৰা ইত্যাদি এশ এটা সৰু বৰ কাম ৰেলৰ পথত আমাৰ তেওঁৰ
দ্বাৰাই সুসম্পাদিত হৈ যাত্ৰা সুখাতিসুখকৰ মোৰ পক্ষে সদায হয়। সেইদেখি মই
কবলৈ বাধ্য যে মোৰ পক্ষে নাৰী পথত যে গলগ্ৰহ নহযেই বৰং গলৰ মালাহে হৈ
পৰে আৰু; কবিতা কৰি কলে, সিয়ো মালতীৰ মালা।
বি, এন আৰ অৰ্থাৎ বেঙ্গল-নাগপুৰ বেলৰ ঝাৰসোগোড়া জংছন সম্বলপুৰৰ পৰা ৩১মাইল দূৰত্ব। গধুলি চাৰে পাচ বজাত সম্বলপুৰৰ ৰেলত উঠি দুঘণ্টামানৰ মূৰত ঝাৰসোগোড়া পোৱাগৈ যায। তাত চাৰে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেল গাড়ীত উঠিব লাগে। কিন্তু সেইদিনা আমাৰ কপালত দুৰ্গতি লেখা আছিল , গতিকে ডাক-গাড়ীৰে সৈতে আমাৰ ৰাহি নাহিল। আমি ঝাৰসোগোড়া পোৱাৰ আগতে বোম্বাই মেইলে আমাৰ বুকুত বিৰহৰ অগনি জ্বালি দি গুচি গ’ল। ডাকগাড়ী হেৰুৱাই আমি না-জল না-স্থলত পৰিলো। আমাৰ সম্বলপুৰৰ গাডীযে যে পলম কৰি আহি মেইল ধৰিব নোৱাৰিলে, তাকে গুণি-গাথি আমাৰ বিলাই- বিপত্তিৰ কাৰণে সম্বলপুৰৰ গাডীক পাৰোঁ মানে গালি পাৰি ঝাৰসোগোড়া ষ্টেছনতে বহি আছোহঁক। এনেতে কোনোবাই কলে যে ৰাতি দুই কি তিনিমান বজাত এখন পেছেঞ্জাৰ গাডী ঝাৰসোগোড়াৰ পৰা কলিকতালৈ যায, সেইখনতে আমাৰ যোৱা উচিত। নিৰুপায হৈ টোপনি ক্ষতি কৰি খাপ দি সেই শেহৰাতীয়া গাড়ীখনতে উঠিলোহক। ফলত, ৰাতিৰ বাকীডোখৰ আৰু পিছদিনাৰ গোটেইটো দিন, সেই ঢেকেৰ ঢেকেৰ পেছেঞ্জাৰ গাড়ীতে খপি কুৰি তাৰিখে ৰাতি আঠমান বজাত কলিকতা পালোগৈ। বাটত আমাৰ অনাহাৰ বুলিলেও সৰহকৈ বঢ়াই কোৱা নহয। যাওঁতে মনত খেলাইছিল যে হিচাপৰ বহীত ইমান বছৰৰ বাকী পৰি থকা আঁউসী, একাদশী- বোৰে সি্হঁতৰ পাওনা হাচিল কৰিবলৈ যেন হাতত ৰামটাঙোন লৈ কাবুলীৰ দৰে আমাৰ গাড়ীৰ খোঁটালীৰ দুৱাৰমুখত থিয় হৈ আছে আৰু লাখুটিৰ আগৰে বাকী পাওনা আদায় কৰি লৈহে উভতি যাব। আচলতে মেইল গাডীত মাথোন ৰাতিটো গৈ পুৱাই কলিকতা পামগৈ বুলি আমি লগত খাবলৈ প্ৰায় একোকে নিয়া নাছিলোঁ।