পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৯২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
মোৰ জীৱন-সোঁৱৰণ

চাঙৰ পৰা নামিবলৈ জখলা নাছিল। উঠোঁতেও আমি গা-গছডাল বগাইহে উঠিছিলো। নামোতেও তাকে কৰিবলগীয়াত পৰিলোঁ। প্ৰথমতে প্ৰয়াস কৰি নামি আহোঁতে আদখিনিমান বাটৰ পৰা পিছলি তলত পৰিলোঁহি। মোক পৰা দেখি এছিষ্টেণ্ট কন্‌জৰ্ভেটৰ উস্‌ উৰ্স আস্‌ আস্‌ কৰিবলৈ ধৰিলে, আৰু ততালিকে নামি আহি মোক সুধিলে, মই কৰবাত দুখ পাইছোঁ নে বুলি। মই যদিও কঁকালত অলপ দুখ পাইছিলোঁ তথাপি নাই পোৱা বুলি কলোঁ। কিন্তু মোৰ কঁকালৰ বিষৰ জইন এমাহমানলৈকে মৰা নাছিল।

 চামুণ্ডাৰ বঙলালৈ আহি আমি দুযো পৰামৰ্শ কৰি থিৰ কৰিলোঁ যে কাইলৈ সেই ডোখৰ হাবি আনেক দূৰৰ পবা খেদা কৰামহঁক। খেদা কৰালে নিশ্চয় বাঘটোক পাম। কাৰণ সি শেহ ৰাতি গৰুটো খাই তাৰ পৰা ওলাই নগৈ সেই হাবিৰে এঠাইত শুই থাকিব।

 পিছ দিনা খেদা কৰা গ’ল। চাৰিকুৰিমান মানুহে হাবিডোখৰৰ তিনিফালে বেঢ়ি বাঘটোক আমাৰ ফালে খেদি আনিলে। আমি দুযো আঁতৰে আঁতৰে দুখন সুকীযা চাঙত। এটা সুৰুকীয়া নলাইদি বাঘটো মোৰ ফালে অহা দেখিলোঁ। প্ৰকাণ্ড বাঘ দূৰতে তাক দেখি মোৰ উদ্বেগ বাঢিল। সি মোৰ ফালে ওপৰ চাপি আহিবলৈ মই বাট নাচাই খপজপাই দিলোঁ গুলী মাৰি। গুলী বাঘৰ গাত নালাগি গল কেনিবা উৰি। বাঘে তাৰ নেগুৰডাল থিযকৈ ফালৰি কাটি এছিষ্টেণ্ট কন্‌জৰ্ভেটৰৰ ফালে লৰ দিলে। তেৱেঁ মাৰিলে এগুলী। সেই গুলীও বাঘৰ গাত নালাগিল; আৰু সেইখিনিতে সেই বাঘ চিকাৰৰ আধ্যা পৰিল।

 আমাৰ চিকাৰৰ কৃতিত্বৰ বিষষে সেই খেদাকৰোঁতা মানুহে কণা-কণি কৰাৰ কথা পিছত আমি যি শুনিবলৈ পালোঁ সেই মন্তব্য আমাৰ পক্ষে ঘাইকৈ মোৰ পক্ষে গৌৰৱ- জনক নহয দেখি, তাৰ উল্লেখ নকৰি ভদ্ৰলোকটি হৈ বহি থকাই শ্ৰেযঃকৰ ভাবি মৌনাৱলম্ব কৰিলোঁ।

 বাঘচিকাৰ কৰিবলৈ যাওঁতে কত বাৰ যে মোৰ এনে বিধৰ কৃতিত্ব প্ৰকাশ হৈছে, তাৰ বৰ্ণনা দি প্ৰবন্ধ বঢ়োৱাটো অনাৱশ্যক, মাথোন আৰু এটা বা দুটাৰ বিষয় যৎ- কিঞ্চিত উল্লেখ কৰিম।

 দুৰ্গাপালি গৱৰ্ণমেণ্টৰ ৰিজাৰ্ভ ফৰেষ্ট। সম্বলপুৰৰ পৰা ছমাইল দূৰত। তাত এটা পৰ্ব্বতৰ ওপৰত চিকাৰৰ বন্দবস্ত কৰি চিকাৰ কৰিবলৈ গলোঁ৷ সম্বলপুৰৰ ডিপুটী কমিছনৰ, ডিভিজনেল ফৰেষ্ট অফিচাৰ, এছিষ্টেণ্ট কনজৰ্ভেটৰ অৱ ফৰেষ্ট আৰু মই। এই কেইজনেৰে চিকাৰৰ দল গঠিত। তিনিখন চাং বন্ধা হৈছিল। এখনত ডিপুটী কমিছনাৰ, এখনত ডিভিজনেল ফৰেষ্ট অফিচাৰ আৰু এখনত মই। মোৰ লগত এছিষ্টেণ্ট কনজৰ্ভেটৰ অব্‌ ফৰেষ্ট বহিছিল। খেদা আৰম্ভ হোৱাৰ অলপপৰ পিছতে মোৰ চাঙৰ পৰা ৫০ হাত মান দূৰত এটা ডাঙৰ ঢেকীয়া পটীয়া বাঘৰ মূৰটো আমি দেখিলোঁ। বাঘটো হাবিৰ পৰা তাৰ মুৰটো উলিযায়েই, গাৰিডোখৰ ওখ ঘাঁহেৰে