পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
পৰিশিষ্ট

বন্দুকৰ কোনো গুলীৰ চিন নাই অথচ সোঁফালে তাৰ কলাডিলৰ ওপৰত মোৰ ৰাইফলৰ চিন জাঞ্জল্যমান।

 মোৰ চিকাৰৰ পিছৰ ডোখৰ কালত অনেক বাৰ দেখিছোঁ যে অনেক ভদ্ৰলোক লগৰীষা চিকাৰী বন্ধুৱে তেওঁলোকৰ গুলী যে চিকাৰত মৰা জন্তুটোৰ বধৰ কাৰণ নহয, সেইটো যত্নপূৰ্ব্বক মোৰ এইজন বন্ধুৰ দৰে প্ৰমাণ কৰিবলৈ নগৈ বৰং—“আমি লগে ভাগে মাৰিছোঁ। সম্ভৱতঃ মোৰ গুলীতহে জন্তুটো মৰিছে”, ইয়াকেহে প্ৰমাণ কৰিবলৈ যায। আজিকালি আদালতৰ বিচাৰ কাৰ্য্যত সত্যাগ্ৰহীযে যোগ নিদি তেওঁৰ দোষ সস্তাতে সাব্যস্ত কৰিবলৈ এৰি দিয়াৰ দৰে, মযো তেনে বিচাৰত যোগ নিদিওঁ। কাৰণ মোৰ গঢ়গতি “মা ফলেষু কদাচন” বিধৰ।

 বাইশটা মানুহে জন্তুটো সাঙ্গী কৰি কিছুদূৰ আনি ভাগৰি নোৱাৰি, দূৰৰ গাঁৱৰ পৰা মহৰ গাড়ী এখন বিচাৰি আনি তাত তুলি দি ৰাতি দহমান বজাত আমাৰ বাহৰ পোৱালেহি। জন্তুটো মৰাৰ খবৰ বিয়পি পৰিল, ৰাতিযেই ওচৰৰ গাঁৱৰ পৰা জাকে জাকে মানুহ আহিবলৈ ধৰিলে আৰু তিনিখন গাঁৱৰ মানুহে তাৰ মঙহবোৰ কাটি বাছি খাবলৈ লৈ গ’ল। মোৰ বন্ধুৰ তত্বাৱধানত মোৰ চিকাৰৰ জয়লব্ধ স্বৰূপে শিঙেৰে সৈতে মূৰটো আৰু ছালখন মোলৈ থোৱা হ’ল। পিছ দিনা মই সম্বলপুৰলৈ উভতি আহি সেই মূৰটো আৰু ছালখন কানপুৰৰ সূটা কুম্পানীলৈ পঠিয়াই দিলোঁ। দুমাহ, মানৰ মূৰত শিঙেৰে সৈতে মূৰটো সুন্দৰকৈ এখন কাঠৰ বাৰুৰ ওপৰত বহুৱাই ঠিক জীযা জন্তুটোৰ মূৰটো যেনেকৈ এটা কুম্পানীযে মোলৈ পঠিযাই দিলে আৰু ছালখনেৰে দুটা ছুটকেছ অৰ্থাৎ ছালৰ পেৰা প্ৰস্তুত কৰি আনটো কুম্পানীযে পঠিযালে। সেইবোৰ আজিও মোৰ ঘৰত বিৰাজমান। ছুটকেছ দুটা আৰু মূৰটো তেনেকুৱা কৰাওঁতে অৱশ্যে মোৰ এশ টকাৰ ওপৰে খৰচ পৰিছিল। মোৰ বন্ধুজনে সেই চিকাৰৰ সকলো খৰচ, আনকি জন্তুটো কঢ়িযাই অনা, তাৰ ছাল বখলিৱা, আৰু মূৰটো কাটি ৰখা ইত্যাদিৰ সকলো ব্যয স্বইচ্ছাতে বহন কৰিছিল , মোৰ বাৰে বাৰে অনুৰোধ, অনুনয়-বিনয় স্বত্বেও মোক এটা পইচা খৰচ কৰিবলৈ নিদিছিল।

 এই খিনিতে অলপ অবান্তৰ কথাৰ অৱতৰণা কৰিম। সি যদি পাঠকসকলৰ বিৰকতিৰ কাৰণ হয়, তেন্তে মোৰ অনুৰোধ, তেওঁলোকে এই ডোখৰ নপঢ়িব।

 মোৰ বন্ধুজন আলিগড কলেজৰ গ্ৰেজুৱেট আৰু ইংৰাজী, ফাৰ্চী, উৰ্দ্দু ভাষাত সুপণ্ডিত। চৰ্কাৰৰ ঘৰৰো তেওঁ এজন ডাঙৰ বিষয়া। ছেটেল্‌মেণ্ট অৰ্থাৎ বন্দৱস্ত বিভাগৰ তেওঁ বৰ চাহাব। মানুহজন দেখিবলৈ যেনে সুপুুৰুষ, কথাবাৰ্ত্তা আৰু ব্যৱহাৰতো অতুলনীয়। বাস্তৱিকতে তেওঁক সুশিক্ষা আৰু সৌজন্যৰ প্ৰতিমুৰ্ত্তি বুলিব লাগে। মোৰ এই দীঘল জীৱনত মই নানা ধৰ্ম্মাৱলম্বী ভাৰতীয় মানুহ অনেক দেখিছোঁ, ইমান মানুহেৰে সৈতে মিলিজুলি ইমান ফুৰিছোঁ, কিন্তু সঁচাকৈয়ে মোৰ এই মুছলমান বন্ধুজনৰ নিচিনা ভদ্ৰ আৰু ওখ মনৰ মানুহ অতি কমহে মোৰ সৈতে সম্পৰ্কলৈ আহিছে। মানুহে সাধাৰণত ভদ্ৰ বা ভাল মানুহ আখ্যা পায়, তেওঁৰ ভাল স্বভাৱ চৰিত্ৰ আৰু ব্যৱহাৰৰ নিমিত্তে; তেওঁ যদি বুদ্ধি-বৃত্তিতো কম