পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
মোৰ জীৱন-সোঁৱৰণ

ওলাল। নানা উপায় অৱলম্বন কৰি ভাৰতবাসীসকলে বৃটিছৰ যুদ্ধৰ খৰচৰ সহায়ৰ অৰ্থে ধন তুলিবলৈ ধৰিলে। সুবিখ্যাত বেৰিষ্টাৰ ছাৰ আশুতোষ চৌধুৰী তেতিয়া কলিকতাৰ হাইকোৰ্টৰ জজৰ আসন অলঙ্কৃত কৰি আছিল। জজ হবৰ নিমিত্তে বেৰিষ্টৰী ব্যৱসায়ত তেওঁৰ উপাৰ্জ্জন প্ৰচুৰ আছিল, শুনিছিলোঁ মাহে পোন্ধৰ হাজাৰৰপৰা কুৰি হাজাৰলৈকে, কিন্তু সেই কালত কলিকতা হাইকোৰ্টৰ চিফ জাষ্টিচ জেন্ কিন্সৰ অনুৰোধ এৰাব নোৱাৰি, তেওঁ এনে লাভৰ বেৰিষ্টাৰী ব্যৱসায় পৰিত্যাগ কৰি দেশৰ কল্যাণৰ অৰ্থে জজৰ চাকৰী স্বীকাৰ কৰিছিল। যুঁজত বৃটিছৰ সাহায্যৰ নিমিত্তে ধন তুলিবৰ মনেৰে কলিকতাৰ ৰয়েল থিয়েটাৰত তেওঁ এখন নাটকৰ অভিনয় কৰাবৰ উদ্যোগ কৰিলে। কৱিবৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাল্মীকি-প্ৰতিভা নাটৰ অভিনয়কে কৰিবৰ থিয় হ’ল। সেই অভিনয়ৰ এটা প্ৰধান অঙ্গ প্ৰথম দস্যু অৰ্থাৎ ডকাইতৰ চন্দাৰৰ ভাও। মোৰ গাত সেই ভাৰ পৰিল আৰু বালিকা সৰস্বতী হোৱাৰ ভাৰ মোৰ বৰজনী ছোৱালী শ্ৰীমতী অৰুণাৰ গাত পৰিল। মই তেতিয়া হাওড়াত আছিলোঁ। আমি ভাৱনাৰ আখৰা দিবলৈ দিনৌ গধূলি বেলিকা সপৰিবাৰে হাওড়াৰ পৰা বালিগঞ্জলৈ এমাহমান অহা যোৱা কৰিবলগীয়াত পাৰিছিলো। হাওডাৰ ঘৰত দুটা চাইটা চাকৰ-চাকৰণীৰ বাহিৰে দিনৌ গধূলিৰপৰা ৰাতি ৯৷১০ বজালৈকে কোনো নাথাকিছিল।

 বাটৰ কেঁয়াবন খচকতহে জঁয় পৰি আদ্‌মৰা হৈ থাকে। দিনদিয়েক একেলানিয়ে সিহঁতৰ মূৰত খচকত নপৰিলে, সিহঁতে মূৰ দাঙি উঠে আৰু বাটৰ চিনকে মাৰি পেলায়। গধূলি তিনি চাৰি ঘণ্টা সময় উদংমুৰীয়া হৈ থাকিবলৈ পাই আমাৰ ঘৰৰ লগুৱা-লিগিৰী কেইটা ঠন ধৰি উঠিল। সিহঁতৰ গাত তেলে ধৰিলে আৰু মনত নানা বৰ সৰু মতলব খেলাবলৈ ধৰিলে। মতলব কাৰ্যত পৰিণত কৰিবৰ নিমিত্তে সিহঁতে বজাৰৰ পৰা ন ন সঁচাৰকাঠী আনি, পেৰা-পেটাৰি মেলি, তাৰপৰা ধ্ববিত আৰু সিহঁতৰ পছন্দমতে ভাল ভাল কাপোৰ-কানি লাহে লাহে সৰকাবলৈ ধৰিলে। প্ৰথম দিনদিয়েকলৈকে আমি সিহঁতৰ এই ষড়যন্ত্ৰক গমকে ধৰিব পৰা নাছিলোঁ। হোলাৰ ভাই মোলা হৈ সৰ্ব্বতিকাল সিহঁতক বিশ্বাস কৰি ঘৰ এৰি দি যেনেকৈ গৈছিলোঁ তেনেকৈ গৈয়ে আছিলোঁ। আমাৰ অসাৱধানতাৰ আঁৰত যেতিয়া সিহঁতৰ দেওপাৰণি বাঢ়িল, তেতিয়াহে এদিন আমাৰ চকু মেল খালে। দেখিলোঁ ঘৰত চৌৰ্য কাৰ্য বঢ়িয়াকৈয়ে বৃদ্ধিপ্ৰাপ্ত হৈছে, তেতিয়া আমাৰ ধুমধুপাল আৰম্ভ হ’ল। সেই বস্তুটো ক’লৈ গ’ল? —নাই। কাপোৰৰ আলমাৰিৰ কাপোৰবোৰ লাংখালিংখি কৰিলে কোনে? সেই চোলাটো, সেই চুৰিয়াখন, সেই কাপোৰ খন ক’লৈ গ’ল? অলঙ্কাৰৰ পেৰাৰপৰা, হাতনি পেৰাৰপৰা অলঙ্কাৰ আৰু ৰূপবান ক’লৈ গ’ল?— নাই। এনে বিধৰ আন্দোলনেৰে তেতিয়া আমি ঘৰ খলক লগালো। কোৱা বাহুল্য যে ‘বিশ্বাসী’ লগুৱা আৰু লগৱানীহঁতেও ধুমধুপালত সম্পূৰ্ণৰূপে যোগ দি নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ আৰু প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু যাতে আমাৰ সন্দেহৰ চকু সিহঁতৰ ওপৰত নপৰে, তাৰ অৰ্থে, বাহিৰৰ পৰা অহা চোৰৰ সম্পূৰ্ণ সম্ভৱপৰ বিষয়ে