॥ সপ্তম আধ্যা॥
গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলৰাম দে ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি গলোঁ। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সৰু গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ; নিজৰ গাড়ীত উঠি অফিচলৈ যোৱা আৰু অলৈ তলৈ গৈ গা ঘেলোৱাত মনটোত কেনে সুত লাগি যায় তাৰ সোৱাদ মই লবলৈ পালোঁ। মই প্ৰথমদিনা গাড়ীত উঠি যাওঁতে কচোৱানটোৱে যেতিয়া মূৰত ডাঙৰ পাগুৰি মাৰি আৰু পাগুৰিটোৰ আগফালে গাড়ীৰ গৰাকীৰ নাম থকা পিতলৰ বৰ আখৰ লগাই, দীঘল চাপকনচোলা আৰু ঠেঙা পিন্ধি হাতত চাবুক লৈ ঘোঁৰা চলাইছিল আৰু চহিচটোৱে গাড়ীৰ পিছফালে হাকোটাত ধৰি থিয় হৈ, তেনেকুৱা পিতলৰ বৰ আখৰ পাগুৰিত লগাই, গাত কোট, কঁকালত ছালৰ কমৰবন্ধ মাৰি, তলডোখৰত খৰা পটলুং আৰু আঠুৰ তলৰপৰা সৰু গাঁঠিলৈকে কাপোৰ পটি বান্ধি “হেৰ ঐ চগৰৱাল। তফাৎ যাওঁ।” বুলি কলিকতাৰ বাটত মুহুৰ্মুহুৰ ৰিঙিয়াই গৈছিল, তেতিয়া মই মনত স্বৰ্গ লৈ যোৱা জখলাটোৰ কোনটো ওখ ঢাপত উঠি আছিলোঁ, ক’ব নোৱাৰোঁ। বাটত যাওঁতে থাকি থাকি মোৰ মনত খেলাইছিল “চিনাকি মানুহ লগ নাপাওঁ কিয়?” মোৰ মনৰ প্ৰসন্নতাবৰ্দ্ধক গাড়ী-ঘোঁৰাৰ কিবা যে বৈশিষ্ট্য আছিল এনে নহয় , তেনে গাড়ী-ঘোঁৰা কলিকতাৰ বাটত হেজাৰ বিজাৰ ঘুৰি ফুৰিছে, ঘাইকৈ অফিচ অঞ্চলত।
ক’বলৈ থাকি আহিল যে আমি গোপীকৃষ্ণ পাল লেনত থাকোঁতেই মোৰ প্ৰথমজনী ছোৱালী হয়। তাইৰ নাম থোৱা হৈছিল সুৰভি। সুৰভিৰ জন্মৰ কিছুদিনৰ আগতে মোৰ দেউতাৰ টান নৰিয়াৰ কথা শুনি মোৰ গৃহিণীক তেওঁলোকৰ ঘাই ঘৰ জোড়াসাঁকোতে থৈ মই শিৱসাগৰলৈ গলোঁ। মই শিৱসাগৰত মাথোন দহ-বাৰদিনহে আছিলোঁ। এনেতে আমাৰ ব্যৱসায়ৰ কোনো এটা জৰুৰী কামৰ নিমিত্তে শ্ৰীযুত ভোলানাথ বৰুৱাই মোক মাতি পঠিয়ায়। মই পিতৃদেৱতাক টেলিগ্ৰাফটো দেখুৱাই নৰিয়া-পাটীতে এৰি বিদায় লৈ কলিকতালৈ উভতি আহিলোঁ। মই গুচি অহাৰ পিছতে পিতৃদেৱতাই নাৱেৰে কমলাবাৰী সত্ৰলৈ গ’ল আৰু তাতে কিছুদিনৰ পাছতে ১৮৯৫ খ্ৰীষ্টাব্দৰ ২৭ মে তাৰিখে পৰলোকলৈ প্ৰয়াণ কৰে।
তেওঁ নিজ গুৰুৰ থান পুণ্যভূমি কমলাবাৰী সত্ৰত প্ৰাণ পৰিত্যাগ কৰিবৰ মনেৰেই তালৈ গৈছিল। তাতে তেওঁ যোগীজন-সুলভ ইচ্ছা মৃত্যুবৰণ কৰি তেওঁৰ নশ্বৰ দেহ পৰিত্যাগ কৰিলে। “Times of Assam” কাকতে তেওঁৰ মৃত্যুৰ বিষয়ে এইদৰে লেখিছিলঃ
His calmness and resignation to the will of God were, no doubt noble and pathetic in the presence of his Guru. When he saw the King of Terrors approach, he was all resignation to the divine will