পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ষষ্ঠ আধ্যা


ফৰেষ্ট ডিপাৰ্টমেন্টৰপৰা তাকৰীয়াকৈ গছ “ৰয়েলটীত” বন্দবস্ত কৰি লৈ সেই কাৰ্য্যত হাত দিছিল। সেই কাৰ্য্যত তেওঁক সহায় কৰিবলৈ তেওঁলোকৰ বংশৰে গোপীনাথ বৰুৱা নামৰ এজনক আনি, শোভাৰাম বসাকৰ লেনৰ ঘৰতে আমাৰ লগতে থৈছিল। তেতিয়াৰ “জোনাকী” কাকত পঢ়েতাসকলে দেখিছিল যে মাহদিযয়েক গোপীনাথ বৰুৱাক মই “জোনাকী”ত “জোনাকী”ৰ প্ৰকাশক বুলি জাননী দিছিলোঁ। গোপীনাথ বৰুৱাক গ্ৰাহকলৈ “জোনাক” পঠিওৱা আৰু তাৰ হিচাপ ৰখা আদি কামত নিযুক্ত কৰিছিলোঁ। তাৰ পিছত গোপীনাথক বি বৰুৱাই গুইলকেৰ আৰু তাৰ পিছত মনোহৰপু লৰৰ তেওঁৰ ব্যৱসায়ত সহায় কৰিবলৈ লৈ গ'ল। তাৰ পিছতে মই বি বৰুৱাৰ ব্যৱসায়ৰ ভিতৰত প্ৰৱিষ্ট।

 আমাৰ কাঠৰ ব্যৱসায় লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। বি বৰুৱাই সম্বন্ধত তেওঁৰ ভাগিনিয়েক একজিকিউটিভ ইঞ্জিনীযাব বলিনাৰায়ণ বৰাৰ ভায়েক শ্ৰীযুত মহীনাৰায়ণ বৰাক গুৱাহাটীৰপৰা আনিলে। মহীনাৰায়ণো মোৰ লগতে শোভাৰাম বসাকৰ ঘৰতে কিছুদিন ৰ’লহি।

  কিছুমান দিনৰ পিছত বি বৰুৱা আৰু মই শোভাৰাম বসাক লেনৰ ঘৰ এৰি দি ১৪ নম্বৰ গোপীলেনৰ ঘৰ এটালৈ উঠি গলোঁ‌। মোৰ গৃহিণীকো তেওঁলোকৰ জোড়াসাঁকোৰ ঘৰ ৬ নম্বৰ দ্বাৰকানাথ ঠাকুৰৰ লেনৰপৰা তালৈ লৈ আহিলোঁ। গোপীকৃষ্ণ পালৰ লেনৰ আমাৰ ঘৰটো দুমহলীয়া আৰু ডাঙৰ আছিল। তাত সুকীয়া দুটা ফাল বা বিভাগ আছিল। ৰাজবাটৰ ফালে সমুখৰ ফালটোত বি. বৰুৱা আৰু ভিতৰ ফালে আমি থাকিবলৈ ললোঁ। আমাৰ খোৱা-বোৱা একেলগে চলিল। ইতিমধ্যত মহীনাৰাষণ বৰাক মনোহৰ ষ্টেশ্যনত থাকি কাম কৰিবলৈ পঠোৱা হ’ল। মোৰ কাৰ্য্য হ’ল কলিকতাৰ ফালে ব্যৱসায়ৰ সকলো কাম দেখা। মাজে মাজে অৱশ্যে বি. এন. আৰ লাইনত থকা আমাৰ ব্যৱসায়ৰ ষ্টেশ্যনবোৰলৈকো মই গৈছিলোঁ। বি বৰুৱাই লাইনৰ ফালে সকলোবোৰ ঠাইত ঘূৰি ফুৰিবলৈ ধৰিলে। দিনে দিনে আমাৰ ব্যৱসায়ে ঠন ধৰি আহিবলৈ ধৰিলে। মই কলিকতাৰ “ঠাকুৰবাৰীত” বিয়া কৰাইছিলো। খুব সম্ভৱ এই বাবেই কলিকতাৰ অভিজাত শ্ৰেণীৰ সৰহ ভাগ লোকৰ ঘৰ-দুৱাৰ মোলৈ মুকলি হৈছিল। অনেকৰে সৈতে মোৰ ভালকৈ চিনা-পৰিচয়ো হৈছিল আৰু তেওঁলোকৰপৰা মই আদৰ- সাদৰো পাইছিলো। বি. বৰুৱাই মোক তেওঁৰ নিজা ভায়েক বুলি সকলো ঠাইতে চিনাকি দিছিল। প্ৰথমডোখৰত সেই কথাকে যদিও মোৰ অলপ-অচৰপ খোকোজা লাগিছিল, তাৰ পিছত সেইটো মোৰ সহজ হৈ গ'ল আৰু ময়ো সেই সম্বন্ধকে ভালকৈ মানি চলিবলৈ ধৰিলোঁ‌। সেই সূত্ৰতে ওপৰত কোৱা অভিজাত শ্ৰেণীৰ দুৱাৰো তেওঁলৈকো মুকলি হৈ পৰিল। ব্যৱসায়ৰ সম্পৰ্কত বা মানুহক এনেই দেখা-শুনা কৰা সম্পৰ্কত আমি দুয়ো সদায় একেলগে ফুৰিছিলোঁ‌। কলিকতাৰ নিমতলাও কাঠৰ গোলাবোৰৰ ঘাই ঠাই। সেই গোলাবোৰৰ সৰহ ভাগেই তেতিয়া কাঠৰ ব্যৱসায়ী গিৰীশচন্দ্ৰ বোসৰ তলতীয়া আছিল। বাস্তৱিকতে চেগুণ কাঠৰ ব্যৱসায়ত