পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পঞ্চম আধ্যা

শোভাৰাম বসাক লেনৰ ঘৰত থাকেহি! মধুপৰতে ১৮৯৩ খ্ৰীষ্টাব্দৰ ১২ জুলাইত কৰুণাৰ মৃত্যু হয়। কৰুণাৰ মত্যুৰ পিছত ডাঙৰীযা আমাৰ লগত শোভাৰাম বসাকৰ লেনত দুদিনমান থাকেহি। শ্ৰীযুত নবীনৰাম ফুকনো তেতিয়া তাতে আছিলহি। কৰুণাক যমৰ বুকুত দি ডাঙৰীয়া যেতিয়া আমাৰ কাষত ওলালহি, তেতিয়া আমি ভাবিছিলো এনে পুত্ৰ-শোক পাই অহা তেখেতৰ মুখলৈ আমি পোনে পোনে চাবই নোৱাৰিম। কিন্তু আমি দেখি অবাক হলোহক, তেখেতৰ মুখত বিষাদৰ কালিমাৰ সঁচকে নাই। সেই চিৰস্থায়ী সদানন্দ মুখ আগত বৰ্ত্তমান। তেতিয়াও তেখেতৰ মুখত কথাই কথাই হাঁহি আৰু খুহুটীয়া কথা অনৰ্গল চলিছে। কি আচৰিত সংযম! আজিও মোৰ মনত আছে, এদিন শ্ৰীযুত নবীন ফুকনৰ মুখখন তেওঁ গোমঠা দেখি ফুকনক গাড়ী এখনত তুলি লগত লৈ গৈ গ্ৰেট ইষ্টাৰ্ণ হোটেলৰপৰা পাঁচ টকা দি চাৰে পাঁচ টকা বেচৰ গোটাচেৰেক কামিজ কিনি দি তেওঁৰ মুখলৈ প্ৰসন্নতা আনিছিল আৰু, আগেয়েও হেনো কেইবাবাৰো ডাঙৰীযাই তেনে উপায়কে অৱলম্বন কৰিছিল। ডাঙৰীয়াৰ স্বভাৱ যে কাৰো মুখত তেওঁ বেজাৰৰ ভাব দেখিব নোৱাৰিছিল।

 ১৮৯৪ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ২৫ তাৰিখে, শনি কি ৰবিবাৰে, ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ ৮ নম্বৰ কলেজ স্কোয়াৰৰ ঘৰত মৃত্যু হয়। তেওঁ প্ৰায় ২১ দিন জ্বৰত ভুগিছিল। চিকিৎসাৰ কোনো অপ্ৰতুল নহৈছিল। ডাঙৰ মেকডনেল্ডেও চিকিৎসা কৰিছিল। কলিকতাবাসী কোনো কোনো অসমীয়া ছাতৰে তেওঁৰ নৰিয়াত পৰ দিছিল। ময়ো এৰাতি-দুৰাতি সেই কাৰ্য্য কৰিছিলো। অখণ্ডনীয় বিধিৰ লিখন, তেওঁ আৰু আৰোগ্য নহ’ল। কলিকতাবাসী অসমীয়া ছাতৰসকলে তেওঁৰ শৱ কান্ধত লৈ নিমতলা ঘাটত দাহ কৰি আহিলগৈ। অৱশ্যে সমবেত ব্ৰাহ্মসকলে আগৰ দৰে, অৰ্থাৎ তেওঁৰ গহিণীৰ শৱটো গাড়ীত তুলি নিয়াৰ দৰে নিবৰ যে প্ৰস্তাৱ নকৰিছিল এনে নহয়; কিন্তু এইবাৰ তেনে প্ৰস্তাৱ অসমীয়া সকলৰ দ্বাৰাই অগ্ৰাহ্য হ’ল। চৰকাৰী কামৰপৰা অৱসৰ লৈ এইজন পুৰুষ যদি অন্ততঃ আৰু দহ বছৰমান জীয়াই থাকিলহেঁতেন, তেওঁৰ দ্বাৰাই অসমৰ অনেক হিতকাৰ্য্য সাধিত হ’লহেঁতেন— ঘাইকৈ সাহিত্য ক্ষেত্ৰত। “জোনাকী” আৰু “বিজুলী”ত তেওঁ নিয়মমতে প্ৰবন্ধ লিখিছিল। “জোনাকী”ত ওলোৱা “আগৰ দিন এতিয়াৰ দিন” প্ৰবন্ধ যদি আৰু কিছুদিন তেওঁ লেখি যাব পাৰিলেহেঁতেন, তেন্তে বুৰঞ্জী সম্পৰ্কীয় অনেক নতুন কথা তেওঁ আমাক দি যাব পাৰিলেহেঁতেন। তেওঁ চৰকাৰৰ ঘৰৰ কামৰপৰা অৱসৰ লোৱা কালৰ সুবিধা অসমীয়াই হেঁপাহ পলুৱাই লবলৈ নাপালে; তেওঁ অৱসৰৰ শান্তি- সুখ ভোগ কৰিবলৈ নাপালে; নিষ্ঠুৰ কাল তাৰ বাদী হ’ল। আসামৰ কপালেই এনে দুৰ্ভগীয়া। সেই কালৰ ভিতৰতে, বিলাতৰপৰা কলিকতালৈ অহা Opium Commission অৰ্থাৎ কানি-প্ৰচলন-ৰহিতৰ বিষয়ে তদন্ত কৰিবলৈ অহা কমিটিৰ হাতত তেওঁ কানি বৰবিহৰ বিপক্ষে এখন অভিমত লেখি দিছিল। অভিমতখন লেখি এই লেখকক তেওঁ এবাৰ পঢ়িবলৈকো দিছিল। তেওঁ লেখা “কঠিন শব্দৰ ৰহস্য ব্যাখ্যা” পঢ়ি অসমীয়া কোন আছে যে আনন্দ উপভোগ নকৰাকৈ থাকিব পাৰে? তেওঁৰ আনন্দময় মনৰ সি এটা সৰু উঁহ মাথোন। তেওঁৰ উদাৰ অন্তঃকৰণে সৰু-বৰ

২য়-৩