পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥পঞ্চম আধ্যা॥


 কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্ৰভাৱ বৰকৈ পৰিছিল। সেই পৰিবাৰৰ শিৰৰ মুকুট আৰু আসামত সৰ্ব্বজনবিদিত বুৰঞ্জীবিজ্ঞ পুৰুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা আছিল। তেওঁ দীৰ্ঘকাল আসামত, সৰহকৈ নগাঁৱত, একষ্ট্ৰা এছিষ্টেন্ট কমিছনাৰৰ কাম কৰি ১৮৯০ খ্ৰীষ্টাব্দত অৱসৰ লৈ কলিকতাত থাকিবলৈ আহে। কি সদানন্দময় পুৰুষ আছিল সেইজন। অৱসৰৰ দিনাৰেপৰা ঈশ্বৰৰ ইচ্ছাত তেওঁৰ কপালত এটাৰ পিছত এটাকৈ লেথাৰি নিছিগাকৈ যেন পাৰিবাৰিক দুৰ্ঘটনা ঘটিছিল, মনত পৰিলে আমঠু কলা পৰি আহে। আমি দেখি আচৰিত মানিছিলোঁ, তেওঁ এনে মহা-বিপদবোৰ প্ৰশান্ত মনেৰে সহি গৈছিল। এদিনলৈকে তেওঁৰ আনন্দময় মুখত আমি বিষাদৰ ছাঁ স্পষ্টকৈ পৰা দেখিবলৈ নাপাইছিলো। গীতাত স্থিতপ্ৰজ্ঞ মানুহৰ যি সংজ্ঞা দিছে অনেকখিনি তেওঁৰ গাতে আমি তেনে লক্ষণ দেখিবলৈ পাইছিলো; যেনে-

দুঃখেষ্বনুদ্বিগ্নমনাঃ সুখেষু বিগতস্পৃহাঃ।
বীতৰাগ-ভয়-ক্ৰোধঃ স্থিতধীৰ্মু, নিৰুচ্যতে॥

বাস্তৱিকতে, মোৰ জীৱনত এনে আনন্দময় অথচ স্থিতধী পুৰুষ মই আগেয়ে দৈৱাত্‍হে দেখিবলৈ পাইছিলো। ১৮৯০ খ্ৰীষ্টাব্দৰ ৩১ মাৰ্চত তেওঁ চৰকাৰী কামৰপৰা অৱসৰ গ্ৰহণ কৰে। সেইদিনাই কলিকতাত তেওঁৰ একমাত্ৰ জোঁৱায়েক ডাক্তৰ নন্দকুমাৰ ৰায়ৰ মত্যু হয়। পহিলা এপ্ৰিলৰ দিনা এই শোকৰ বাতৰি আসামত তেওঁলোকৰ কাণত পৰে। তেওঁৰ অতি মৰমৰ একেজনী জীয়েক স্বৰ্ণলতা অকালতে বিধৱা হ'ল। ইয়াৰ পিছত বৰুৱা ডাঙৰীয়া সপৰিবাৰে কলিকতালৈ আহি সুখেৰে জীৱনযাপন কৰিবলৈ আশা কৰি ভাল ঘৰ এটা কেৰেয়া কৰি লৈ থাকিবলৈ ধৰিলে আৰু ল'ৰাকেইটিক স্কুলত পঢ়িবলৈ দিলে। প্ৰথমতে মই ডাঙৰীয়াৰ সহধৰ্মিণীক ল'ৰা-ছোৱালীকেইটিৰে সৈতে কলিকতাৰ মানিকতলা ষ্টীটৰ ঘৰ এটাত দেখোঁ। সেইজনা সাদৰী মিষ্টভাষিণী মহিলাৰ স্মৃতি-পট মোৰ অন্তৰত আজিও মচ নোখোৱাকৈ আছে। আমাৰ বংশৰে সৈতে তেওঁৰ সম্পৰ্ক আছিল; আৰু, সম্বন্ধত মই তেওঁৰ মোমায়েক হওঁ দেখি মোক মোমাইদেও বুলি মিঠা সম্বোধন কৰিছিল। মাণিকতলা ষ্ট্ৰীটৰ ঘৰৰপৰা উঠি আহি তেওঁলোক ২৬ নম্বৰ স্কট্চ্ লেনত থাকেহি। তাতে ১৮৯২ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ২৬ তাৰিখ শনিবাৰৰ দিনা এই মহীয়সী মহিলাৰ মত্যু ঘটে। মৃত্যুৰ অলপ পাছতে মই তাত উপস্থিত হৈ সেই শোকাবহ দৃশ্য দেখিবলৈ পালোঁ। মোৰ চকুৰপৰা সৰ সৰ কৰে লো ওলাবলৈ ধৰিলে। দেখিলোঁ মৃত্যুশয্যাত পৰি থকা মাকৰ শৱটোৰ ভৰিৰ ওপৰত মুৰটো দি পৰি স্বৰ্ণলতাই বিনাই কান্দিব লাগিছে আৰু ল'ৰাকেইটিয়ে ফেকুৰিব লাগিছে। ডাঙৰীয়া গুণাভিৰাম বৰুৱা নিস্পন্দ নিৰ্বাক।