পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দ্বিতীয় আধ্যা।

দেখি এইখন বিয়াই পৰিবাৰৰ সকলোৰে মন আকৰ্ষণ কৰিছিল আৰু, মোৰো ভাগ্যত সকলোৰেপৰা আদৰ-সাদৰ লাভ হৈছিল। সুবিখ্যাত বেৰিষ্টাৰ এ চৌধৰীৰ (পিছত কলিকতা হাইকোৰ্টৰ জজ স্যৰ আশুতোষ চৌধুৰী) সহধৰ্ম্মিণী প্ৰতিভা দেৱী মোৰ ভাৰ্য্যাৰ আপোন বায়েক। প্ৰতিভা দেৱীৰ বিয়াৰ প্ৰায় ৮৷ ৯ বছৰৰ পিছত এইখন বিয়া। এই দীঘলীয়া ব্যৱধানে মোক সুবিধা কৰি দিছিল। সকলো ফালৰপৰা আমাৰ নিমন্ত্ৰণ, পাৰ্টি ইত্যাদিৰ জাউৰি উঠিবলৈ ধৰিলে। মহৰ্ষিৰ মাজু পুতেক পুজনীয় সত্যেন্দ্ৰনাথ ঠাকুৰ ভাৰতীয়ৰ ভিতৰত প্ৰথম চিভিলিয়ান। তেওঁৰ সহধৰ্ম্মিণী শ্ৰীমতী জ্ঞানদানন্দিনী দেৱীয়ে, পুতেক সুৰেন্দ্ৰনাথ ঠাকুৰ আৰু, জীয়েক ইন্দিৰা দেৱীৰে সৈতে, কলিকতা ময়দানৰ দক্ষিণ ফালে “বিৰ্জিতলা” বা ব্ৰজতলা নামৰ ঠাইত সুকীয়াকৈ এটা প্ৰকাণ্ড ঘৰত বাস কৰিছিল। দিনৌ আবেলি আৰু গধুলি তাত কলিকতা হাইকোৰ্টৰ জজ, বেৰিষ্টাৰ আৰু আন আন বৰলোকৰ সমাগম হৈছিল। টেনিছ পাৰ্টি, খেল, সঙ্গীত প্ৰভৃতি তাত দৈনিক ব্যাপাৰ বুলিলেই হ’ব। তালৈকো মোৰ প্ৰায় সততে গতি-বিধি আছিল।

 এটা কথা মনত পৰিছে, এইখিনিতে কৈ থওঁ। তেতিয়া আমাৰ বিলাতৰ “কুপৰ্ছ হিল” কলেজত পঢ়ি “পাছ” কৰি অহা ইঞ্জিনীয়ৰ বলিনাৰায়ণ বৰা কলিকতাতে আছিলহি। তেতিয়া তেওঁ কামৰপৰা অৱসৰ লৈয়েই নে, তাৰ আগলিতে আছিলহি মোৰ মনত নাই। তেওঁৰ সৈতে “মিচেজ” সত্যেন্দ্ৰনাথ ঠাকুৰৰ চিনাকি আছিল। বৰা ডাঙৰীয়াও মাজে মাজে বিৰ্জিতলাত সমাগত হৈছিল। “মেজ মাই” অৰ্থাৎ মিচেজ সত্যেন্দ্ৰনাথ ঠাকুৰে অসমীয়া বৰাৰে সৈতে তেওঁলোকৰ অসমীয়া ন জোঁৱাইক লগ লগাই দিবৰ মনেৰে এদিন ডাঙৰ “ডিনাৰ পাৰ্টি” এটা দি বৰা ডাঙৰীয়াক নিমন্ত্ৰণ কৰিলে। বৰাই নিমন্ত্ৰণ গ্ৰহণ কৰি যাম বলি উত্তৰ দিলে। তাৰ পিছত কিয় জনা নগ’ল, তেওঁ নাহিল আৰু কাৰণো নজনালে। ডিনাৰ কাল উকলি গ’ল, উপস্থিত সকলো আলহীয়ে তেওঁলৈ বাট চাই আছে, কিন্তু তেওঁ নোলালহি। মিচেজ ঠাকুৰে অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ উদ্দেশ্যটোৱেই বোধকৰো ব্যৰ্থ হ’ল দেখি। মোৰ মনত তেতিয়া খেলোৱা কথাটোও এইখিনিতে কৈ দিওঁ, যদিও সি সম্ভৱতঃ ভুল। বৰা ডাঙৰীয়া বিলাতফেৰৎ, গৱৰ্ণমেণ্টৰ ভব্য-গব্য কৰ্ম্মচাৰী, মই এটা সামান্য কলেজৰ ষ্টু়ডেন্ট। পিছত বৰা ডাঙৰীয়াই মিচেজ ঠাকুৰৰ ভিতৰুৱা উদ্দেশ্যটো সম্ভৱতঃ বুজিব পাৰি কিজানি তেনে কৰিলে। আকৌ কওঁ, তেতিয়া মোৰ এই অনুমানটো সম্ভৱতঃ ভুলেই।

 মহৰ্ষি তেতিয়া পাৰ্ক ষ্ট্ৰীটত আছিল বুলি ওপৰত কৈ আহিছোঁ। পিছত তেওঁক ইচ্ছা অনুসাৰে আমি দুয়ো formally তেওঁৰ আশীৰ্ব্বাদ লবলৈ গলোঁ। তেওঁ মোক আশীৰ্ব্বাদ কৰি সোণৰ কলম এটা দি ক’লে,-“তোমাৰ এই কলম থেকে সুনিপুণ লেখা বেৰুবে।” নাতিনীয়েকৰ মুৰত হাত দি আশীৰ্ব্বাদ কৰি হাতত সুন্দৰ গোলাপ ফুল এপাহ দি কলে—“তোমাৰ যশ সৌৰভ এই ফুলেৰ সৌৰভেৰ মতো চতুৰ্দ্দিকে বিস্তাৰ হবে।”