নাহিল। আজিকালি দুখৰ কথা আৰু কি কম, কোনে শুনিব? সকলোৱে চকুৰ আগতে দেখিছে যে একোজন ডেকাই প্ৰাণ পাত কৰি বি-এ মহলাত উঠি ত্ৰিশ-টকীয়া চাকৰি এটা পাবলৈকো হাবাথুৰি খাই ফুৰি অকৃতকাৰ্য্য হয়। তেতিয়া আসাম গৱৰ্ণমেণ্টে বি-এ পাছক চৰকাৰী চাকৰি স্ব-ইচ্ছাতে যাচিছিল। আৰু যেই সেই চাকৰি নহয়—একষ্ট্ৰা এছিষ্টেণ্টৰ পদ; অৱশ্যে “প্ৰবেশ্যনেৰি’’। মোকো এবাৰ নহয়, দুবাৰ সেই পদ যাচিছিল। কিন্তু মই নললোঁ। অৱশ্যে নলৈ ভালকে কৰিলোঁ নে “আহাম্মকী’’কে কৰিলোঁ, আজি মই নকওঁ। লোকে মোৰ স্বভাৱৰ বিষয়ে কি বিশ্লেষণ কৰি থৈছে, মই ক’ব নোৱাৰোঁ; কিন্তু মই নিজে যিটো কৰি থৈছোঁ, সেইটো শুধেই হওক বা অশুধেই হওক, মই কওঁ; যথা—মই গোঙোৰা স্বভাৱৰ মনুষ্য। স্বাধীনতা-হীনতাতকৈ মোৰ মৃত্যু শ্ৰেষ্ঠতৰ বুলি মই সদায় ভাবি আহিছোঁ। মোৰ তেতিয়া অন্তৰৰ গুঢ়াতিগুহ্য প্ৰদেশৰপৰা এই ভাব আৰু সঙ্কল্প ওলাইছিল যে মই স্বাধীনভাৱে পৰিশ্ৰম কৰি এমুঠি ভাত খাম, পৰৰ গোলামী কৰি নহয়। তেনেহলেই মই তৰি যাম। স্বাধীন ব্যৱসায় বা চেষ্টাত মই যদি বৰ ডাঙৰ হব পাৰোঁ ভালেই, নহলে নাই; তথাপি পেটে-ভাতে খাই খাকি তেনে জীৱন যাপন কৰাটোৱেই মোৰ উচ্চ আকাঙ্ক্ষা আছিল; আৰু আজিও আছে। সেইদেখি মই আসাম গৱৰ্ণমেণ্টৰ যচা চাকৰি নললোঁ।
বি. এল. পৰীক্ষা পাছ কৰাৰ পিছতে কলিকতাৰ হাইকোৰ্টত উকীল হব পৰাৰ নিমিত্তে মই ৰিপন কলেজৰ ল ক্লাছত নাম লগালোঁ; আৰু লগতে প্ৰেছিডেন্সি কলেজত এম. এ. পৰীক্ষাৰ নিমিত্তে পঢ়িবলৈ ধৰিলোঁ। অৰ্থাৎ একে দলিতে পাৰোঁ যদি দুটা চৰাই মাৰোঁ,—এই ফন্দি। ওপৰৰ কথাৰ কোবত ক’বলৈ পাহৰিছোঁ যে, আসাম গৱৰ্ণমেণ্টে যচা চাকৰি মই নোলোৱা বাবে, মোৰ পিতৃদেৱতা আৰু ঘাইকৈ বৰ ককাইদেও গোবিন্দ বেজবৰুৱা মোৰ ওপৰত যথেষ্ট বিৰক্ত হৈছিল। কিন্তু গোঙোৰাতো গোঙোৰাই। সি শুনে কাৰ কথা? যাওক।
হাইকোৰ্টত টুইডেল্ নামেৰে এজন এংলো ইণ্ডিয়ান উকীল আছিল৷ যোগাৰ-যন্ত্ৰ কৰি মই তেওঁৰ “আৰ্টিকোল ক্লাৰ্ক” হলোঁ; যাতে বি, এল, পৰীক্ষাত উঠি হাইকোৰ্টৰ এডভোকেট হোৱাত পলম নঘটে। মোৰ দিন আনন্দেৰে যাবলৈ ধৰিলে। টুইভেল বুঢ়া মানহ। বুঢ়াই মোক মৰম কৰি আইনৰ কামকাজ শিকাবলৈ ধৰিলে। কিন্তু দুখৰ কথা কি কম। মই ছমাহমান তেওঁৰ তলত কাম শিকাৰ পিছতে বুঢ়া মৰি থাকিল। তাৰ পিছত, হাইকোৰ্টৰ নামজ্বলা উকীল, দিগম্বৰ চাটুৰ্জ্জীৰ ওচৰ চাপি, তেওঁৰ আৰ্টিকেল ক্লাৰ্ক হলোঁ। তেওঁৰ ঘৰ কলিকতাৰ ভবানীপুৰত আছিল। মোৰ কপালৰ কথা আৰু কি কম? মোৰ কপালেই নিশ্চয় বেয়া; আৰু দিগম্বৰ বাবুৰ কপালখন নিশ্চয় ভাল; তেওঁ তাৰ কিছুদিনৰ পাছতে হাইকোৰ্টৰ জজৰ চকীত উঠিল। মোৰ মনত বিৰক্তি লাগিল। বোলে, “আইৰ ঘৰলৈ যাম, দুই হাতে খাম; বিধতাই বোলে মই তোৰ পিছে পিছে যাম।” এই কথা তেতিয়া