৷৷প্ৰথম আধ্যা৷৷
মোৰ জীৱন-সোঁৱৰণ, দ্বাদশ বছৰৰ “বাঁহী’’ৰ (১৮৪৪ শক) আহিন মাহৰ ষষ্ঠ সংখ্যাত লেখিবলৈ আৰম্ভ কৰি প্ৰায় মাহে মাহে লেখি, চতুৰ্দশ বছৰৰ (১৮৪৬ শক) আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আৰু নেলেখোঁ বুলি ভাবি মই এৰি দিছিলোঁ। তাৰ কাৰণ কেইবাটাও আছিল আৰু আজিও যে সেইকেইটা নাইকিয়া হৈছে, এনে নহয়। তথাপি জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰাৰ দৰে হৈছে দেখি লেখিবলৈ বহিলোঁ। তেতিয়াৰেপৰা আজিলৈকে মোৰ শুভাকাঙ্ক্ষী বন্ধুসকলৰ ভিতৰৰ অনেকে মোক নেৰা-নেপেৰাকৈ ধৰি আছে, ’লেখিবই লাগিব, নেলেখিলে আমি নেৰোঁ।’ মোৰ অতি মৰমৰ শ্ৰদ্ধাম্পদ বন্ধু এজনে অলপতে মোৰপৰা লেখিম এই প্ৰতিশ্ৰুতি লৈহে এৰিছে। অগত্যা লেখিবলৈ আকৌ আৰম্ভ কৰিলোঁ অৰ্থাৎ কথাতে কোৱাৰ দৰে মই “পুনৰেৱ পাপী, পুনৰেৱ দৰিদ্ৰ”, হবলগীয়াত পৰিলোঁ যেতিয়া হোৱাই যাওক। মোৰ জীৱন-বৃত্তান্ত শুনি কাৰ কি উপকাৰ হয়, হৈ থাওক, মোৰ আপত্তি নাই। পাতনি-স্বৰূপে এইকেষাৰ কথাকে কৈ কাপ ধৰা গ’ল।
কলেজত শেহছোৱা—১৮৯০ খ্ৰীষ্টাব্দত মই কলিকতাৰ এছেমব্লি কলেজৰপৰা বি-এ পৰীক্ষা দি ঘৰমূৱা হৈ আমাৰ শিৱসাগৰৰ ঘৰলৈ উভতি গলোঁ। আন আন অসমীয়া ছাতৰৰ দৰে বছৰে বছৰে ঘৰলৈ যোৱাৰ অভ্যাস মোৰ নাছিল। একো একোটি পৰীক্ষাৰ পিছত অৰ্থাৎ বছৰে বছৰেহে মই ঘৰলৈ গৈছিলোঁ। ঘৰলৈ মোৰ মৰম কম আছিল, বুলিয়ে তেনে কৰিছিলোঁ, সেইটো নহয়; মাথোন অনৰ্থক ধন খৰচ হোৱাৰ ভয়। আৰু এটি কাৰণ—পৰীক্ষা দি আহৰি হৈ লৈ কলিকতাত থাকি কলেজৰ চাৰি দুৱাৰ বাহিৰ ওলাই আন আন উপযোগী জ্ঞান আৰ্জি লোৱাৰ লোভ। কলেজৰ চাৰি দুৱাৰৰ ভিতৰত কলেজৰ কিতাপ আৰু কিতাপত ব্যাখ্যা দিয়া জ্ঞানত পকিও যে মানুহে মানুহ-মুৱা হব নোৱাৰে এই জ্ঞান সহজে মোৰ মনত উদয় হৈছিল।
শিৱসাগৰৰ ঘৰত মই এমাহমান থকাৰ পিছতে এদিন হঠাৎ মোৰ নামে এখন টেলিগ্ৰাম অৰ্থাৎ বিজুলী ডাকৰ বাতৰি আহিল। মোৰ ককাইদেও এজনে বাটতে পিয়নৰ হাতৰ টেলিগ্ৰামখন লৈ পঢ়ি, উধাতু খাই লৰি আহি ক’লে, “Lakshmi you are graduated!” অৰ্থাৎ “লক্ষ্মী, তুমি গ্ৰেজুৱেট হ’লা, অৰ্থাৎ বি-এ পৰীক্ষাত উঠিলা।”, মই টেলিগ্ৰামখন হাতত লৈ পঢ়িলোঁ। তাত লেখা আছিল “Lakshminath and Kailash are graduated” কৈলাসচন্দ্ৰ শৰ্মা বৰুৱা নগাঁৱৰ। মোৰ মনত উলাহৰ কেনে ভাব হৈছিল, অনুমানসাপেক্ষ। পিতৃদেৱতা দুপৰীয়াৰ ভোজনৰ পিছত বৰঘৰৰ মুখৰ বাৰাণ্ডাত থকা পাটিত পৰি আছিল। খবৰটো তেওঁৰ কাণত পৰিলত তেওঁ এক চাবেই উঠি গোসঁই-ঘৰত সোমালগৈ আৰু