পৃষ্ঠা:মেঘনাদ সাহা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মেঘনাদ সাহা (১৮৯৩-১৯৫৬)
ভাৰতৰ বিজ্ঞান ইতিহাসৰ এক বিশাল
অধ্যায়। তেওঁৰ তাপজনিত আয়নন
তত্ত্বৰ আৱিষ্কাৰ আৰু নাক্ষত্ৰিক বৰ্ণালীৰ
ব্যাখ্যাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ বাবে সাহা
স্মৰণীয় আৰু অমৰ। এক গতিশীল
কর্মময় জীৱনৰ অধিকাৰী এইগৰাকী
বিজ্ঞান সাধকে নিজ প্রতিভা আৰু
দক্ষতাৰে ভাৰতীয় বিজ্ঞানৰ উপৰি ৰাষ্ট্ৰীয়
পৰিকল্পনা, নদী নিয়ন্ত্রণ, দিনপঞ্জী সংস্কাৰ
সাধনকে আদি কৰি বিভিন্ন দিশত সমৃদ্ধ
বৰঙণি যোগাই থৈ গৈছে। চিৰ প্ৰৱাহমান
ইচ্ছাশক্তি, কর্মপ্ৰেৰণা আৰু উদ্ভাৱনী
শক্তিৰ অধিকাৰী এইগৰাকী বিজ্ঞানীৰ
জীৱন আৰু কৰ্মৰ এটি চমু লেখ এই
পুথিত সামৰা হৈছে। লগতে আছে
বিজ্ঞানীগৰাকীৰ সংক্ষিপ্ত জীৱন-পঞ্জী
আৰু পুথিখনত ব্যৱহৃত বৈজ্ঞানিক শব্দৰ
ব্যাখ্যা তথা প্রাসংগিক টোকা।

জীৱনী পুথিখনিৰ লেখক
শান্তনু কৌশিক বৰুৱা সাংবাদিক আৰু
নিবন্ধকাৰ। ‘আধুনিক অসমীয়া
বিশ্বকোষ’ৰ দুটি অধ্যায়ৰ ৰচয়িতা।
সম্প্রতি ‘নতুন দৈনিক’ কাকতৰ
উপ-সম্পাদক।