পৃষ্ঠা:মূৰলী.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুৰলী--
 

স্ফটিক নিৰ্ম্মিত  ৰম্য হৰ্ম্ম্যতলে
 কুসুমে মণ্ডিত থকা,
নক্ষত্ৰ সদৃশ উজ্জ্বল সুন্দৰ
 দেখিবা প্ৰাঙ্গণ পকা।

ধীৰে ধীৰে তাত  বাজিলে মৃদঙ্গ
 ক্ৰীড়া কৰি নানা মতে,
মধুপান কৰে  যক্ষ যুবাগণে
 ৰূপসী বণিতা সতে।

মন্দাকিনী তীৰে  মন্দাৰ গছৰ
 ছাঁয়াত যক্ষৰ বালা,
বহি শাৰী শাৰী  মনত হৰিষে
 কৰে নানা লীলা খেলা।

একো একোবাৰ  সোনালী বালিত
 আঙ্গঠি লুকাই থই,
বিছাৰে কোনেনো  উলিয়াব পাৰে
 সবাৰো আগত কই।