পৃষ্ঠা:মূৰলী.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—মূৰলী—

ইয়াতে অসুৰ লগে বিষ্ণু সংগ্ৰাম,
ইয়াতে অনঙ্গে পালে অঙ্গ অনুপাম;
ইয়াতেই ভানুমতী-কন্যা-স্বয়ম্বৰ,
ইয়াতেই ভগদত্ত মহাভাৰতৰ;
ইয়াতেই মহাপীঠ ভৱানীৰ ধাম,
জগতৰ সেৱাস্থলী নীলাচল নাম;
নানা তীৰ্থে ভৰপূৰ এয়ে মোৰ দেশ,
প্ৰণমো প্ৰণমো যাৰ মহিমা অশেষ।

ইয়াতে ভাস্কৰবৰ্ম্মা আদি নৃপবৰে,
ৰাজ্য কৰি গ'ল পূৰ্ব্বৰ অতি খিতাপেৰে;
এ’তে বধূ পতিব্ৰতা বেহুলা সুন্দৰী,
আনিছিল জীৱ দানি পতিক উদ্ধাৰি;
ই ৰাজ্যতে ঘটে সেই ভীষণ সংগ্ৰাম,
আহোম আৰঙ্গজেব মাজে যতমান।
প্ৰসিদ্ধ শৰাইঘাটে যথাশিক্ষা পাই,
ভাবিলে মোগলে আৰু দেশ জয় নাই;
দেখুৱালে সেই যুদ্ধে আসাম দেশৰ
শৌৰ্য্য বীৰ্য্য তেজ সেই প্ৰাচীন কালৰ;