পৃষ্ঠা:মুক্তাৱলী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( খ ) অৰ্থমতে সজোৱা।

( ১২২ )
লালনৰ পৰা হয় অনেক দুৰ্গুণ
তাড়নেৰে পাৰি বহু সুগুণ লভিব,
সিহেতু শিষ্যক আৰু পুত্ৰক সৰুতে
লালন নকৰি লাগে তাড়ন কৰিব।
( ১২৩ )
পঞ্চ বৰ্ষ সন্তানক লালন কৰিব
দহ বৰ্ষ কৰিব তাড়ন,
পালেই ষোড়শ বৰ্ষ, কৰিব সততে
মিত্ৰৰ নিচিনা আচৰণ।

⸺⸺


( ১২৪ )
অন্নদাতা ভয়ত্ৰাতা আৰু কন্যাদাতা
জন্মদাতা বিদ্যাদাতা এই পঞ্চ পিতা।