পৃষ্ঠা:মা দুৰ্গা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিয় ? লেখকৰ দুষাৰ মোৰ পৰম শ্ৰদ্ধাৰ স্বনাম ধন্য স্বৰ্গৰ্গত পিতৃদেৱৰ ধৰ্ম আৰু কৰ্মত অনুপ্রাণিত হৈ ১৯৭১ ইং চনতে মই সংস্কৃতিৰ মাজলৈ আহিছিলো, পিতৃদেৱৰ হৃদয়ৰে ভাল পোৱা ওজাপালী সংস্কৃতি। য'ত আছে ধৰ্ম, সংস্কাৰ, সংস্কৃতি। এই সংস্কৃতিৰ মাজত আজি প্ৰায় ৪৮-৪৯ বছৰ মই দেহ মন অৰ্পন কৰি সংস্কৃতিক যিমান পাাাৰো আগুৱাই নিবলৈ যত্ন কৰিছিলোঁ। আন ওজাপালী সমূহে অতিজৰে পৰা পৰিৱেশন কৰি অহা পদ সমূহৰ বাহিৰেও বিভিন্ন পুৰাণৰ পৰা সমাজক দিব পৰা বিভিন্ন জ্ঞান যুক্ত পদ ৰচনা কৰি ওজাপালী দল সমূহক এটা নতুন ধাৰা দিবলৈ মই যত্ন কৰিছিলোঁ। ওজাপালী নৃত্য-নাটক বুলি জনাৰ পিছত মই ওজাপালীত পৰিৱেশিত পদৰ মাজত মই নাটকৰ ৰূপ দি আহিছো বা দিবলৈ যত্ন কৰিছোঁ। ১৯৭৮ ইং চনত বৰ্ত্তমানৰ ওজা স্বনাম ধন্য কৈহাটী গাওঁৰ শ্ৰীমদন ৰাজবংশীৰ লগত মার্কণ্ডেয় পুৰাণৰ অন্তৰ্গত ‘মা দুৰ্গা’ জন্ম কাহিনীত প্রথমে মই নাটকৰ ৰূপ দিবলৈ সক্ষম হৈছিলোঁ আৰু তেতিয়াৰে পৰা বৰ্ত্তমানলৈও মই সেই ধৰণেৰে আমাৰ পৰিৱেশিত সমূহ পদত ওজা ডাইনাপালী দুজনৰ মাজতে আমি, সমাজৰ ভালদৰে বোধগম্য হোৱাকৈ এই প্ৰকাৰ এখন নাটৰ ৰূপ দিবলৈ যত্ন কৰি আহিছোঁ। মদন ওজাৰ পিছত প্ৰয়াত হৰমোহন ৰাজংবশী ওজা তাৰ পিছত শ্ৰীসোণাৰাম বৈশ্য ওজাৰ লগতো মই নৃত্য নাটৰ ৰূপেৰে পদসমূহ পৰিৱেশন কৰিছিলোঁ। মন গ'ল পদ সমূহক কিতাপৰ ৰূপেৰে প্ৰকাশ কৰি সমাজক আৰু কিছু ধৰ্ম সংস্কাৰ আৰু সংস্কৃতিৰ পোহৰ বিলাবলৈ। ‘মা দুৰ্গা’ৰ কাহিনী নিশ্চয় পাঠকে সহৃদয়ে গ্ৰহণ কৰিব। মা দুৰ্গাৰ পদুলিতে পাঠকক সম্ভাষণ জনাবলৈ মোৰ শ্ৰদ্ধাৰ মমাইদেউ ডঃ প্রমোদ হালৈ দেৱৰ যি শুভাশীষ আৰু প্ৰেৰণাৰ পাতনি তাৰ বাবে তেখেতৰ ওচৰত মই চিৰ কৃতজ্ঞ। দ্বিতীয়তে মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত যাদৱ সেন ডেকা দেৱৰ, মা দুৰ্গাৰ মাজেৰে মোলৈ দিয়া গধুৰ আশীৰ্বাদৰ তোপোলাটোৰ বাবে তেখেতলৈ মই শ্ৰদ্ধাৰ শৰাই নিবেদিছোঁ। কিতাপখনৰ পাণ্ডুলিপিটো চকু ফুৰাই সংস্কৃত ভাগটো কিছু সুধৰণি আৰু ঠাই বিশেষে কেইটামান শ্লোক দি কিতাপখনৰ সৌষ্ঠৱ বঢ়োৱা কাৰণে শ্ৰীযুত প্ৰমোদ চন্দ্ৰ ভট্ট দেৱলৈ মোৰ সশ্রদ্ধ প্ৰণিপাত নিবেদিছোঁ। শেষত মা দুর্গা পাঠকৰ হাতলৈ বহু আশাৰে নিবেদন কৰিলোঁ । কিতাপখনৰ পাণ্ডুলিপিটো কপি আদি কৰি সহায় কৰি দিয়া বাবে মৰমৰ শ্ৰীনমিতা ডেকাক মোৰ অন্তৰৰ আশীৰ্বাদ আৰু মৰম জনালোঁ। ধন্যবাদেৰে- লেখক